অসম

assam

ক’ভিড-19 সম্পৰ্কীয় উৰাবাতৰি নাকচ বিশ্ব স্বাস্থ্য সংস্থাৰ

By

Published : Apr 6, 2021, 4:33 PM IST

15 এপ্ৰিলৰ ভিতৰত ভাৰতত 50,000 লোকৰ ক’ভিড-19 ৰ ফলত মৃত্যু হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী দিছে বুলি এটা ভিডিঅ’ যোগে দাবী কৰা হৈছে ৷ কিন্তু সংস্থাই এই খবৰক অগ্ৰাহ্য কৰিছে ।

Warning of 50,000 COVID-19 deaths in India by April 15 is fake: WHO
ক’ভিড-19 সম্পৰ্কীয় উৰাবাতৰি নাকচ বিশ্ব স্বাস্থ্য সংস্থাৰ

নিউজ ডেস্ক, 6 এপ্ৰিল : বিশ্ব স্বাস্থ্য সংস্থাই ১৫ এপ্ৰিলৰ ভিতৰত ভাৰতত ক’ভিড-19 ৰ ফলত 50,00 লোকৰ মৃত্যুৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে বুলি অহা খবৰক অগ্ৰাহ্য কৰিছে ।

সংস্থাটোৱে টুইট যোগে কয় যে, বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত 50,000 লোকৰ মৃত্যুৰ সম্পৰ্কে সতৰ্কবাণী দিছে বুলি দাবী কৰা ভিডিঅ'টো ভুৱা বাতৰিৰ বাহিৰে একো নহয় । এনে কোনো সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাই যে জাৰি কৰা নাই, এই কথা সংস্থাটোৱে স্পষ্ট কৰি দিছে ।

"বিশ্ব স্বাস্থ্য সংস্থাই 15 এপ্ৰিলৰ ভিতৰত ভাৰতত 50,000 লোকৰ ক’ভিড-19 ৰ ফলত মৃত্যু হ’ব বুলি সতৰ্কবাণী দিছে বুলি এটা ভিডিঅ’ যোগে দাবী কৰা হৈছে । সংস্থাই এনে ধৰণৰ কোনো সতৰ্কবাণী জাৰি কৰা নাই," বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক কাৰ্যালয়ে টুইটত এইদৰে কয় ।

এতিয়ালৈকে ভাৰতে 1,26,86,049 ৰো অধিক কভিড-19 টা ঘটনাৰ প্ৰতিবেদন দিছে । মৃত্যুৰ সংখ্যা 1,65,547 জনলৈ বৃদ্ধি পাইছে দেশত।

ফেব্ৰুৱাৰীত, বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক "ভেকছিন ইকুইটি সমৰ্থন" কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে আশা কৰিছে যে, আন দেশসমূহে ভাৰতৰ উদাহৰণ অনুসৰণ কৰিব ।

"ভেকছিনৰ ইকুইটি সমৰ্থন কৰাৰ বাবে ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ, কোভেক্সৰ প্ৰতি আপোনাৰ প্ৰতিশ্ৰুতি আৰু কোভিড-19 ভেকছিনৰ ভাগ বতৰা কৰাৰ বাবেই 60 খনতকৈও অধিক দেশে তেওঁলোকৰ স্বাস্থ্য কৰ্মী আৰু অন্যান্য গোটবোৰক টিকাকৰণ আৰম্ভ কৰাত সহায় হৈছে। মই আশা কৰোঁ আন দেশবোৰে আপোনাৰ উদাহৰণ অনুসৰণ কৰিব" টেড্ৰোছে তেওঁৰ এটা টুইটত এইদৰে লিখে।

উল্লেখযোগ্য যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে ভাৰতবৰ্ষই এতিয়ালৈকে বিভিন্ন দেশলৈ মুঠ 645.02 লাখ ভেকছিনৰ পালি প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা

ABOUT THE AUTHOR

...view details