মিজোৰাম,15 জানুৱাৰী : মিজোৰামৰ অসম ৰাইফলছ আৰু অন্যান্য বেটেলিয়নৰ সহযোগত শুকুৰবাৰে ড্ৰাগ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায় মুকলি কৰা হয় ৷ মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাই ফ্লে’গ অফেৰে এক বাইক ৰেলী মুকলি কৰি আনুষ্ঠানিকভাবে ড্ৰাগছ বিৰোধী অভিযানটো উদ্ধোধন কৰে ৷ গৃহমন্ত্ৰীগৰাকীয়ে উদ্ধোধনী ভাষণত অসম ৰাইফলছে এই অভিযান আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জনায় ৷ তেওঁ লগতে মিজোৰামৰ সীমান্তৰ গাঁওসমূহকে ধৰি সমগ্ৰ ৰাজ্যখনত চাৰিটা পৰ্যায়ত এই অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ।
গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি মিজোৰামত 1984 চনৰ পৰা 131 গৰাকী মহিলাসহ 1,630 গৰাকী লোকৰ ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হৈছে । 2020 চনত নিচা মুক্তি কেন্দ্ৰত 50 গৰাকী লোকৰ মৃত্যু হয় । তদুপৰি ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 0.7% ড্ৰগছৰ প্ৰতি আসক্ত আৰু মিজোৰামত ড্ৰাগচ আসক্তৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক ৷ আনহাতে সমাজ কল্যাণ বিভাগে শেহতীয়াকৈ কৰা সমীক্ষাত 27.8% ৰে আইজল ড্ৰাগছ আসক্তৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে ৷