নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : ত্ৰিপুৰাৰ পৌৰ নিগমসমূহত ২০০ তকৈও অধিক আসনৰ বাবে অব্যাহত আছে নিৰ্বাচন ৷ বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ(municipal corporation polls in Tripura) প্ৰক্ৰিয়া ৷ ত্ৰিপুৰা ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ আঠখন জিলাৰ ভিতৰত আগৰতলা পৌৰ নিগমকে ধৰি 20 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ।
পৌৰ নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি মুঠ ৭৭০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আগৰতলা পৌৰ নিগম আৰু ১৯ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে মুঠ ৩৩৪ খন আসনৰ ১১২ খন দখল কৰিবলৈ সক্ষম হৈছে ৷