অসম

assam

ETV Bharat / bharat

Vitamin K Diet: ‘ভিটামিন কে’ ৰ অভাৱত দুৰ্বল হৈ পৰিব পাৰে হৃদযন্ত্ৰ; খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ শাক-পাচলি - Vitamin Kৰ অভাৱ

সকলো পুষ্টিকৰ উপাদানৰ দৰে ভিটামিন কে আমাৰ শৰীৰৰ বাবেও অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ইয়াৰ সহায়ত বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াৰ বাবে কিছুমান শাক-পাচলি খোৱাটো উচিত ।

Vitamin K deficiency can weaken the heart, eating these vegetables will relieve tension
Vitamin Kৰ অভাৱত দুৰ্বল হৈ পৰিব পাৰে হৃদযন্ত্ৰ, খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ শাক-পাচলি

By

Published : Apr 20, 2023, 1:53 PM IST

শৰীৰত তেজ জমা হোৱা ৰোধ কৰিবলৈ আৰু আমাৰ হৃদযন্ত্ৰ আৰু হাড়ৰ স্বাস্থ্য বজাই ৰাখিবলৈ মানৱ শৰীৰত ভিটামিন Kৰ প্ৰয়োজন হয় । এই ভিটামিনৰ অভাৱ হ’লে ৰক্তক্ষৰণৰ আশংকা থাকে আৰু একে সময়তে mineral bone densityও কমি যাব পাৰে । কিন্তু আটাইতকৈ ডাঙৰ বিপদ হৃদৰোগ আৰু কেন্সাৰৰ সৈতে জড়িত । এই সমস্যাসমূহ প্ৰতিৰোধ কৰিবলৈ মহিলাৰ বাবে ৯০ মাইক্ৰ’গ্ৰাম (mcg) আৰু পুৰুষৰ বাবে ১২০ mcg গ্ৰহণ কৰাটো বাঞ্ছনীয় । কোনবোৰ খাদ্যত ভিটামিন কে প্ৰচুৰ পৰিমাণে পোৱা যায় জানো আহক (Vitamin K Rich Vegetables) ।

ভিটামিন Kৰে সমৃদ্ধ শাক-পাচলি

  • ব্ৰকলি (Broccoli)

ব্ৰকলি কেন’লা অইল বা অলিভ অইলত ৰান্ধি ভিটামিন কেৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে । ইয়াৰ উপৰিও আপুনি আপোনাৰ চালাডত ব্ৰকলি অন্তৰ্ভুক্ত কৰিব পাৰে (Vitamin K Deficiency)।

  • বন্ধাকবি (Cabbage)

ৰঙা, বেঙুনীয়া, বগা বা সেউজীয়া হওক, কবিত ভিটামিন চি, ভিটামিন B6 আৰু ভিটামিন K, পলিফিনল আৰু চালফাৰ যৌগ আৰু ফলেটৰ দৰে এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে ।

  • সেউজীয়া বীন (Green Beans)

সেউজীয়া বীন এনেকুৱা এবিধ পাচলি যি আমাৰ পাকঘৰত প্ৰায়ে প্ৰস্তুত কৰা হয় । ইয়াত ভিটামিন কে প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ লগতে একাপ বীনত ৩১ কেলৰি, ৩.৩ গ্ৰাম চেনি আৰু শূন্য চৰ্বি থাকে (Vitamin K Based Vegetables)।

  • কেল (Kale)

আপুনি নিশ্চয় পৰামৰ্শ হিচাবে প্ৰায়ে বন্ধাকবি খাইছে ৷ ইয়াক ছুপাৰফুডৰ শ্ৰেণীত ৰখা হয় আৰু ইয়াক ভিটামিন Kৰ ৰজা বুলি ক’লে ভুল নহ’ব । কেলচিয়াম, পটাছিয়াম আৰু ফ’লেট আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান কেলত পোৱা যায় ।

  • পালেং শাক(Spinach)

সেউজীয়া পাতৰ শাক-পাচলিৰ ভিতৰত পালেঙক অতি পুষ্টিকৰ বুলি গণ্য কৰা হয় । আধা কাপ সিজোৱা পালেঙত কেঁচা পালেঙতকৈ প্ৰায় ৩ গুণ বেছি ভিটামিন কে থাকে অৰ্থাৎ ৪৪৪ মিলিগ্ৰাম । ইয়াৰ উপৰিও মেগনেছিয়াম, ফলেট আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায় (Vitamin K Rich Foods) । সকলো পুষ্টিকৰ উপাদানৰ দৰে ভিটামিন কে আমাৰ শৰীৰৰ বাবেও অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ সহায়ত বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি ৷ ইয়াৰ বাবে কিছুমান শাক-পাচলি খোৱাটো প্ৰয়োজনীয় (Vitamin K)।

লগতে পঢ়ক:Beauty Tips: এই পদ্ধতিৰ সহায়ত প্ৰাকৃতিকভাৱে আপোনাৰ ওঁঠযুৰিক কৰি তোলক উজ্জল আৰু গুলপীয়া

ABOUT THE AUTHOR

...view details