নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ: ভাৰত-চীনৰ সীমা বিবাদৰ সময়ত চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিক্ৰম মিছৰীক ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিবালয়ত উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে (Vikram Misri is new Deputy NSA) । ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া মিছৰীয়ে চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰদূতৰ দায়িত্ব এৰিছিল ।
বৰ্তমান ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া প্ৰদীপ কুমাৰ ৰাৱটে চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে সেৱা আগবঢ়াই আছে (Pradeep Rawat appinted as Indian Ambassador to China) । ইয়াৰ পূৰ্বে নেডাৰলেণ্ডত ভাৰতীয় দূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰাৱটে । ৰাৱটে মাণ্ডাৰিণ ভাষা সুন্দৰকৈ ক'ব পাৰে । পূৰ্বেও তেওঁ হংকং আৰু বেইজিংত কৰ্মৰত হৈ আছিল ।
বিক্ৰম মিছৰীক উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি যোৱা ২০ মাহ ধৰি ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা বিবাদ নিষ্পত্তি কৰাটো তেওঁৰ হ'ব মুখ্য দায়িত্ব ৷ ভাৰত-চীন সীমান্ত পৰিক্ৰমা বৈঠকৰ শেহতীয়া আলোচনা চলিত বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল । দুয়োখন দেশে পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে জড়িত বিবাদসমূহৰ আগতীয়া সমাধান বিচাৰি উলিওৱাত সন্মত হয় । সীমান্তত যাতে পুনৰ শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব পাৰি, তাৰ বাবে দ্বিপাক্ষিক চুক্তি আৰু প্ৰট'কল সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে সন্মত হয় ৰাৱট ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা মতে, এই সময়চোৱাত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত যাতে নহয়, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বাবে ভাৰত আৰু চীন সন্মত হৈছে । অৱশ্যে যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ দুয়োখন দেশে শীতকালতো সীমান্তত জোৱানৰ নিয়োজন বৃদ্ধি কৰিছে । সীমান্তৰ কাষত প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনা নিয়োজিত কৰা হৈছে ।
লগতে পঢ়ক: Kanpur Metro Rail Project : আজি কানপুৰত মেট্ৰ' ৰে'ল প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে