নেশ্যনেল ডেস্ক, 31 আগষ্ট:ভায়াকম 18য়ে (Viacom18) বৃহস্পতিবাৰে ‘ষ্টাৰ ইণ্ডিয়া’ আৰু ‘চনীক’ অতিক্ৰম কৰি পৰৱৰ্তী পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ ঘৰুৱা শৃংখলাৰ টিভি আৰু ডিজিটেল অধিকাৰ প্ৰায় 6,000 কোটি টকাৰ সামগ্ৰিক নিবিদা লাভ কৰে ৷
উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অধিক মুনাফা লাভৰ বাবে টিভি আৰু ডিজিটেল দুয়োটা মাধ্যমত প্ৰচাৰৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ ভায়াকম 18য়ে ডিজিটেলৰ বাবে প্ৰায় 3,101 কোটি টকা আৰু টিভিৰ বাবে 2,862 কোটি টকা পৰিশোধ কৰিছে ৷ ডিজিটেল মাধ্যমত অধিক উপাৰ্জন কৰাৰ আশা প্ৰকাশ কৰিছে ভায়াকম 18য়ে ৷
সম্প্ৰচাৰ বিভাগৰ এক সূত্ৰই PTIক কয়, ‘‘ভায়াকমে 26,000 কোটি টকাৰ অধিক মূল্যত IPLৰ ডিজিটেল অধিকাৰ ক্ৰয় কৰিছিল আৰু এতিয়া IPLৰ টিভিত প্ৰচাৰৰ অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (ICC) অধিকাৰৰ বাহিৰে বেছিভাগ শীৰ্ষ অনুষ্ঠান সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ৷’’
22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন খেলৰ শৃংখলাৰ পৰা ভায়াকমৰ অধিকাৰ কাৰ্যকৰী হ'ব আৰু 31 মাৰ্চ 2028 লৈকে চলিব ৷