অসম

assam

ETV Bharat / bharat

টীকাকৰণ অভিযান সুচাৰুৰূপে চলোৱাৰ প্ৰয়াস দিল্লী চৰকাৰৰ

দিল্লীত টীকাকৰণ অভিযান সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কেজৰিৱাল চৰকাৰে । অধিক লোকক প্ৰতিষেধক প্ৰদান কৰাত সহায়ক হোৱাকৈ টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

COVID-19 vaccination in Delhi
টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ দিল্লী চৰকাৰৰ

By

Published : Apr 30, 2021, 5:03 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: এফালে ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ, আনফালে মাত্ৰ এটা দিনত দিল্লীত ৩৯৫ জন লোকৰ মৃত্যু । সমান্তৰালকৈ ৰাষ্ট্ৰীয় ৰাজধানীত বৰ্তমান ক'ভিড-১৯ৰ প্ৰতিষেধকৰো অভাৱ হৈছে । এনে পৰিস্থিতিৰ মাজতে ক'ভিড-১৯ৰ টীকাকৰণ অভিযান সুচাৰুৰূপে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছে দিল্লী চৰকাৰে । স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনে কয় যে, দিল্লীত প্ৰতিষেধকৰ অভাৱ ঘটিছে যদিও চৰকাৰে টীকাকৰণ অভিযান সফল কৰি তুলিবলৈ প্ৰস্তুতি চলাই আছে ।

দিল্লী চৰকাৰে ৰাজ্যজুৰি টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু বৰ্তমান কাৰ্যকৰী হৈ থকা কেন্দ্ৰসমূহে টীকাকৰণ কেন্দ্ৰ হিচাপেই নিজৰ কাম অব্যাহত ৰাখিব । বৰ্তমান, বাবৰ ৰোডত অৱস্থিত স্বাস্থ্য কেন্দ্ৰত ৪৫ বছৰৰ উৰ্ধৰ লোকক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে । ৪৫ বছৰ অথবা তাতোকৈ অধিক বয়সৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে আগতীয়াকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই ।

অৱশ্যে, ১৮ বছৰ বা তাতোকৈ অধিক বয়সৰ লোকে আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব । টীকাকৰণ অভিযানৰ দায়িত্বত থকা শ্বৱনমে ই টিভি ভাৰতৰ আগত কয় যে, "টীকাকৰণ অভিযান কেনেদৰে চলিব তাক লৈ যুৱ প্ৰজন্ম এতিয়াও উদ্বিগ্ন হৈ আছে আৰু ১ মে'ৰ পৰা তেওঁলোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব নে নাই সেই বিষয়ে জানিব বিচাৰিছে ।

টীকাকৰণ অভিযানত নিয়োজিত বিষয়া ৰোহিত ৰাণাই কয় যে, যুৱক-যুৱতীসকলে 'Cowin'এপৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । শুক্ৰবাৰলৈকে দিল্লীত ৩১,০১,৫৬২ জন লোকৰ টীকাকৰণ সম্পন্ন কৰা হৈছে । ইয়াৰে ২৪,৮২,৭৭৮ জনে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে আৰু ৬,১৮,৭৮৪ গৰাকী লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । যোৱা ২৪ ঘণ্টাত ৫১,৭১৮ জনে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

ইয়াৰ ভিতৰত ৩২,২৭২ জনে প্ৰথম পালি আৰু ১৯,৪৪৬ জনে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে । শুক্ৰবাৰে অৰ্থাৎ তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযানৰ আৰম্ভ হোৱাৰ এদিন পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চহৰখনৰ বাসিন্দাসকলক টীকাকৰণ কেন্দ্ৰসমূহত শাৰী নাপাতিবলৈ আহ্বান জনায় । কিয়নো টীকাকৰণ কেন্দ্ৰসমূহত প্ৰতিষেধক এতিয়ালৈকে উপলব্ধ হোৱা নাই ।

লগতে পঢ়ক:ব'ম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত

ABOUT THE AUTHOR

...view details