নিউজ ডেস্ক, ২৯ নৱেম্বৰ:১৭ দিনৰ দীঘলীয়া সংগ্ৰামৰ অন্তত অৱশেষত মঙলবাৰে নিশা ৮ বজাত উত্তৰাখণ্ডৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কাৰ্যত নিয়োজিত দলটো সফল হয় আৰু সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰা হয় । এজন এজনকৈ ৪১ জন শ্ৰমিকক প্ৰায় ৪৫ মিনিটৰ ভিতৰতে সুৰংগৰ পৰা উলিয়াই আনে এন ডি আৰ এফৰ জোৱানে । সকলো শ্ৰমিক সুস্থ অৱস্থাত আছে বুলি জানিব পৰা হৈছে ৷ এই সময়চোৱাত উদ্ধাৰস্থলীত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত আছিল ।
মুখ্যমন্ত্ৰী ধামীয়ে ওলাই অহা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷ সকলো শ্ৰমিকক এম্বুলেন্সেৰে চিনিয়ালিছাউন চি এইচ চিলৈ লৈ যোৱা হয় । পূৰ্বে শ্ৰমিকসকলক বিমানেৰে লৈ যোৱাৰ কথা চিন্তা কৰা হৈছিল । কিন্তু বিয়লি ৪.৩০ বজাৰ পিচত শ্ৰমিকসকলক বিমানেৰে লৈ যোৱাতো সম্ভৱপৰ নাছিল ৷
ইফালে শ্ৰমিকসকলক উদ্ধাৰৰ পাচতেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে । তেওঁ এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ শ্ৰমিকসকলৰ চিকিৎসাৰ লগতে তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰাৰ সকলো ব্যৱস্থা কৰাৰ বাবেও নিৰ্দেশ দিয়ে ৷