নেশ্যনেল ডেস্ক,26 এপ্ৰিল: প্ৰচণ্ড তুষাৰপাতে আৱৰি ধৰিছে উত্তৰাখণ্ডক ৷ তিনিদিনীয়া প্ৰচণ্ড বৰষুণ আৰু তুষাৰপাতৰ পাচতে দেওবাৰে বদ্ৰীনাথৰ মূল মন্দিৰত দেখিবলৈ পোৱা গ'ল শুকুলা বৰফৰ আচ্ছাদনৰ মনোমোহা দৃশ্য ৷ বদ্ৰীনাথ ধামত 3 ফুটতকৈও ডাঠ বৰফৰ আৱৰণে আৱৰি ধৰাত তীৰ্থযাত্ৰীসকলো হৈ পৰিছে আৱদ্ধ ৷ ঘৰৰ চাল আৰু ওখ ওখ জোপোহা গছৰ ডালবোৰত লাগি ধৰা ডাৱৰৰ টুকুৰাবোৰে এক নৈসৰ্গিক দৃশ্যৰ সৃষ্টি কৰিছে ৷
বদ্ৰীনাথত শুকুলা বৰফৰ আচ্ছাদন - নৈসৰ্গিক দৃশ্য
তিনিদিনীয়া প্ৰচণ্ড বৰষুণ আৰু তুষাৰপাতৰ পাচতে দেওবাৰে বদ্ৰীনাথৰ মূল মন্দিৰত দেখিবলৈ পোৱা গ'ল শুকুলা ডাৱৰৰ মনোমোহা দৃশ্য ৷ ঘৰৰ চাল আৰু ওখ ওখ জোপোহা গছৰ ডালবোৰত লাগি ধৰা বৰফৰ টুকুৰাবোৰে এক নৈসৰ্গিক দৃশ্যৰ সৃষ্টি কৰে ৷
শুকুলা বৰফৰ চাদৰে আৱৰি ধৰিছে বদ্ৰীনাথক
উল্লেখ্য যে, বদ্ৰীনাথৰ উপৰিও তুংনাথ, মদমহেশ্বৰ আৰু কালিশিলা পাহাৰতো মধ্যমীয়া তুষাৰপাত হোৱাৰ লগতে পঞ্চচুলি আৰু নন্দা দেৱীকে ধৰি মুন্সিয়াৰীৰ উচ্চ হিমালয় অঞ্চলত প্ৰবল তুষাৰপাত হৈছে ।
লগতে পঢ়ক:ফটোগ্ৰাফী গেলেৰীত আজিৰ বিষয় : প্ৰকৃতি