নিউজ ডেস্ক,17 নৱেম্বৰঃজম্মু এলেকাৰ উপৰি প্ৰান্তত সোমবাৰে চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰপাত পৰিছে ৷ উল্লেখযোগ্য যে, কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমানে বৰষুণ পৰাৰ পিছৰে পৰা অঞ্চল সমূহত তাপমাত্ৰা কম হোৱা দেখিবলৈ পোৱা গৈছে ৷
ইপিনে পৰ্যটক সকলে নাথাটাপ এলেকাত তুষাৰপাতৰ সৌৰ্ন্দয উপভোগ কৰা দেখিবলৈ পোৱা গৈছে ৷ অঞ্চলটোত বৰফ পৰাৰ ফলত ৰাস্তা-ঘাট সকলোতে বৰফে আঁৱৰি ধৰা দেখিবলৈ পোৱা গৈছে ৷
আনহাতে এগৰাকী চৰকাৰী বিষয়াই জনোৱা অনুসৰি, জৱাহৰ সুৰংগ অঞ্চলটো প্ৰৱল তুষাৰপাত পৰাৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে ৷ একেদৰে পীৰপঞ্জল পাহাৰতো তুষাৰপাত পৰাৰ ফলত মোগল ৰোডৰ পথছোৱা বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জম্মুৰ অধিকতম তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সোমবাৰে নূন্যতম তাপমাত্ৰা নিম্মগামী হৈ 13 ডিগ্ৰী চেলছিয়াছলৈ নামি পৰে ৷
লগতে পঢ়কঃ বৰপেটাত পৰাগ ভূঞাক শ্ৰদ্ধাঞ্জলি বৰনগৰ প্ৰেছ ক্লাৱৰ