অসম

assam

ETV Bharat / bharat

ক'ত হ'ব দেশৰ আটাইতকৈ দীঘল Expressway ? - ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব

ইতিমধ্যে এক্সপ্ৰেছৱেৰ এই প্ৰকল্পটোৱে পাৰিপাৰ্শ্বিক অনুমোদন লাভ কৰিছে । প্ৰায় ১২ জিলা সামৰি হ'ব এই এক্সপ্ৰেছৱে । প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩৬,২৩০ কোটি টকা ধাৰ্য কৰা হৈছে ।

UP
ক'ত হ'ব দেশৰ আটাইতকৈ দীঘল Expressway

By

Published : Nov 21, 2021, 6:44 PM IST

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ :উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ বাবে সুখবৰ । ৰাজ্যখনত অতি শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ হ'ব দেশৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱে । ইতিমধ্যে গংগা এক্সপ্ৰেছৱে প্ৰকল্পই (Ganga Expressway project) পাৰিপাৰ্শ্বিক অনুমোদন (environmental clearance) লাভ কৰিছে । যাৰ বাবে এতিয়া এই সুদীৰ্ঘ এক্সপ্ৰেছৱে নিৰ্মাণৰ পথ প্ৰশস্ত হৈছে ।

এজন চৰকাৰী সূত্ৰৰ মতে ৰাজ্যিক পৰ্যায়ৰ Environment Impact Authorityয়ে ৫৯৪ কিলোমিটাৰ গংগা এক্সপ্ৰেছৱে প্ৰকল্পৰ বাবে পাৰিপাৰ্শ্বিক অনুমোদন দিছে । ইতিমধ্যে ইয়াৰ নিবিদা প্ৰক্ৰিয়াও আৰম্ভ হৈছে । প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩৬,২৩০ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াক পিপিপি মোডত অৰ্থাৎ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (Public private partnership) মোডত নিৰ্মাণ কৰা হ'ব ।

ইয়াৰ ডিজাইন, নিৰ্মাণ, বিত্ত, পৰিচালনা আৰু স্থানান্তৰৰ বাবে নিবিদাৰ আহ্বান জনোৱা হৈছে । এই এক্সপ্ৰেছৱে মিৰাট-বুলন্দচহৰ ঘাইপথৰ পৰা মিৰাট জিলাৰ বিজাউলি গাঁৱত আৰম্ভ হ'ব আৰু প্ৰয়াগৰাজ জিলাৰ জুদাপুৰ দাণ্ডু গাঁৱৰ ওচৰৰ প্ৰয়াগৰাজ বাইপাছত সমাপ্ত হ'ব । গংগা এক্সপ্ৰেছৱেটোৱে মিৰাট, হাপুৰ, বুলন্দচহৰ, আমৰোহা, সম্ভাল, বদায়ুন, শ্বাহজাহানপুৰ, হাৰদোই, উন্নাও, ৰায়বৰেলী, প্ৰতাপগড় আৰু প্ৰয়াগৰাজকে ধৰি ১২ খন জিলাক সামৰি ল'ব ।

এই পথটো হ'ব ছয় লেনযুক্ত আনহাতে ৮ টা লেনলৈ ইয়াক সম্প্ৰসাৰণ কৰিব পৰা যাব । প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ কাম চলি আছে আৰু এতিয়ালৈকে চৰকাৰে প্ৰায় ৯৪ শতাংশ ভূমি অধিগ্ৰহণ কৰিছে । প্ৰকল্পটোৰ নিৰ্মাণৰ সময়ত প্ৰায় ১২,০০০ লোকে অস্থায়ী নিযুক্তি লাভ কৰিব আনহাতে ইয়াত টোল প্লাজা নিৰ্মাণৰ সময়ত ১,০০০ লোকে নিযুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Farm Laws Repeal: কি ক'লে ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰাই ?

ABOUT THE AUTHOR

...view details