অসম

assam

ETV Bharat / bharat

চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰৰে বৈঠক যোগী আদিত্যনাথৰ - উত্তৰ প্ৰদেশত নতুন চৰকাৰ গঠনৰ যো জা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে ৰাজধানী দিল্লীত (CM Yogi Adityanath will visit the national capital today) উপস্থিত হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) শীৰ্ষ নেতৃত্বৰ সৈতে চৰকাৰ গঠন সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷

UP CM Yogi Adityanath to discuss govt formation with BJP leadership in Delhi today
চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰৰে বৈঠক যোগী আদিত্যনাথৰ

By

Published : Mar 13, 2022, 12:45 PM IST

নেশ্যনেল ডেস্ক, 13 মাৰ্চ :উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ নতুন চৰকাৰ গঠনৰ পূৰ্বে আদিত্যনাথে দেওবাৰে পুৱা ৰাওনা হৈছে ৰাজধানী নতুন দিল্লীলৈ (CM Yogi Adityanath will visit the national capital today) ৷ দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ৷

মুখ্যমন্ত্ৰী আদিত্য়নাথে বিজেপিৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নতুন কেবিনেট গঠন আৰু নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ দিন সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে লক্ষ্ণৌৰ বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে যোগী আদিত্যনাথ ৷

আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষক সাক্ষাৎ কৰিব । বিজেপিয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ।

উল্লেখ্য় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে লক্ষ্ণৌৰ ৰাজভৱনত ৰাজ্যপাল আনন্দীবেন পেটেলক পদত্যাগ পত্ৰ প্ৰদান কৰিছিল । পুৱাভাগত যোগীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰাৰ পিছতে পদত্যাগ পত্ৰ দাখিল কৰে । তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পিছতে অনুষ্ঠিত হ'ব (Yogi Adityanath to be CM of UP) ৷

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ব্যাপক বিজয়ৰ পিছত আদিত্যনাথে শুকুৰবাৰে লক্ষ্ণৌৰ দলীয় কাৰ্যালয়ত তেওঁৰ সহকৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ আদিত্যনাথে গোৰখপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত ১,০৩,৩৯০ টা ভোটত জয়লাভ কৰে ৷

লগতে চাওক:Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক

ABOUT THE AUTHOR

...view details