নিউজ ডেস্ক, 10 মাৰ্চ :আজি বহু প্ৰত্যাশিত দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ সেই অনুসৰি এই ফলাফল ঘোষণা হ’বলগীয়া ৰাজ্যকেইখন হৈছে ক্ৰমে- উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, পঞ্জাৱ আৰু গোৱা ৷
উত্তৰ প্ৰদেশত 403 খন আসনত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ (UP Election 2022) ৷ সৰ্বমুঠ 4442 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 58 খন আসনৰ বাবে 62.40 শতাংশ লোকে ভোটদান কৰিছিল ৷ দ্বিতীয় পৰ্যায়ত 55 খন আসনৰ বাবে 64.42 শতাংশ লোকে ভোটদান কৰে ৷
ইয়াৰ পিছত ক্ৰমে 59 খন আসনৰ বাবে তৃতীয় পৰ্যায়ত 61.61 শতাংশ, 59 খন আসনৰ বাবে চতুৰ্থ পৰ্যায়ত 60.70 শতাংশ আৰু 61 খন আসনৰ বাবে পঞ্চম পৰ্যায়ত 57.32 শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰা হৈছিল ৷ পৰৱৰ্তী 57 খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত 55.70 শতাংশ ভোটদান সাব্যস্ত হোৱাৰ বিপৰীতে সপ্তম পৰ্যায়ত 54 খন আসনৰ বাবে 57.53 শতাংশ ভোট প্ৰদান কৰে ভোটাৰসকলে ৷
তথ্য অনুসৰি,