নেশ্যনেল ডেস্ক,২০ জানুৱাৰী :ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন হ'ব (Budget may be presented in new parliament house)। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত নতুন সংসদ ভৱনত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ সম্ভাৱনা আছে (Union Budget 2023)। এই বছৰৰ বাজেট উত্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ৰূপত চলি আছে ।
সূত্ৰৰ মতে, নতুন সংসদ ভৱনটোৰ নিৰ্মাণ কাৰ্যও প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আৰু জানুৱাৰীৰ শেষৰ ফালে ই ব্যৱহাৰৰ বাবে সাজু হ'ব বুলি আশা কৰা হৈছে (India new parliament house)। সেয়েহে, নতুন সংসদ ভৱনতে অনুষ্ঠিত হ'বলগীয়া আগন্তুক বাজেট অধিৱেশনৰ প্ৰস্তুতিও আৰম্ভ হৈছে । এতিয়ালৈ এই কথা চূড়ান্ত হোৱা নাই যদিও লোকসভা সচিবালয়ে নতুন সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ বিভিন্ন দলৰ সাংসদসকলৰ বাবে নতুন পৰিচয় পত্ৰ প্ৰস্তুত কৰা কাম আৰম্ভ কৰিছে ।
উল্লেখ্য যে ২০২৩-২৪ বৰ্ষৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা ৬ এপ্ৰিললৈ চলিব (Budget Session of parliament)। অৱশ্যে ১৪ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ অধিৱেশনৰ মাজত বিৰতি থাকিব । পৰম্পৰা অনুসৰি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাজেট অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ ৩১ জানুৱাৰীত সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰিব । ১ ফেব্ৰুৱাৰীত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব ।