নেশ্যনেল ডেস্ক,১৪ মে':অমৃতসৰ অভিমুখী গোল্ডেন টেম্পল মেইল ৰে'লত অচিনাক্ত লোকে আক্ৰমণ কৰে (Unidentified man attack Golden Temple train)। শনিবাৰে নিশা চলন্ত ৰে'লখনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে অচিনাক্ত লোকে । ১২৯০৩ নম্বৰৰ গোল্ডেন টেম্পল মেইল ৰে'লখনৰ সামান্য ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে । ৰে'ল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
ভাৰতত ৰে'লত আক্ৰমণৰ দীঘলীয়া ইতিহাস আছে । দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন সময়ত ৰে'লত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । ৰে'লত অগ্নিসংযোগ কৰাৰ পৰা আৰম্ভ কৰি ৰে'লযাত্ৰীক আক্ৰমণৰ দৰে বহু অপৰাধ সংঘটিত হোৱা দেখা গৈছে (Rail attack incident in India)। এইবাৰ পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে । শনিবাৰে নিশা মুম্বাইৰ পৰা অমৃতসৰলৈ গৈ থকা ১২৯০৩ নম্বৰৰ গল্ডেন টেম্পল মেইল (Golden Temple train) ৰে'লখনত অচিনাক্ত লোকে শিল নিক্ষেপ কৰে ।
ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও যাত্ৰীসকলৰ মাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । নিশা প্ৰায় ১১.২৩ বজাত ৰে'লখন অমৃতসৰত উপস্থিত হোৱাৰ পাচতে ৰে’ল আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।