অসম

assam

By

Published : Jan 15, 2021, 8:55 PM IST

ETV Bharat / bharat

ত্ৰিপুৰাত স্থাপন হ'ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ অক্সিজেন উৎপাদন প্ৰকল্প

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাস্থিত আই জি এম চিকিৎসালয়ত স্থাপন হ‘ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ অক্সিজেন উৎপাদন প্ৰকল্প ৷ৰাষ্ট্ৰসংঘৰ বিকাশ কাৰ্যসূচীয়ে 24 ঘণ্টাত 220ৰ পৰা250 টা চিলিণ্ডাৰ উৎপাদন কৰিব পৰা ক্ষমতা থকা এই প্ৰকল্পৰ বাবে পুঁজি প্ৰদান কৰিব ৷

undp-to-set-up-nes-biggest-oxygen-plant-in-tripura
ত্ৰিপুৰাত স্থাপন হ'ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ অক্সিজেন উৎপাদন প্ৰকল্প

আগৰতলা, 15 জানুৱাৰী : ৰাষ্ট্ৰসংঘৰ বিকাশ কাৰ্যসূচীয়ে ত্ৰিপুৰাৰ আগৰতলাস্থিত আই জি এম চিকিৎসালয়ত 24 ঘণ্টাত 220ৰ পৰা250 টা চিলিণ্ডাৰ উৎপাদন কৰিব পৰা ক্ষমতা থকা প্ৰকল্পৰ বাবে পুঁজি প্ৰদান কৰিব ৷ ত্ৰিপুৰাৰ দ্বিতীয় বৃহত্তম চিকিৎসালয়ৰ আই জি এম হাস্পতালত ৰাষ্ট্ৰসংঘৰ বিকাশ কাৰ্যসূচীয়ে সম্পূৰ্ণ অক্সিজেন উৎপাদন প্ৰকল্পৰ বাবে পুঁজি প্ৰদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

ক‘ভিড মহামাৰীৰ সময়ত ত্ৰিপুৰাত চিকিৎসা সেৱা আগবঢ়োৱাৰ সময়ত অক্সিজেন যোগানৰ ক্ষেত্ৰত দেখা দিয়া অভাৱ পূৰণৰ ক্ষেত্ৰত এই প্ৰকল্পই যথেষ্ট সহায় কৰিব ৷ এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পাছত ৰাজ্যৰ চিকিৎসাখণ্ডই নিজৰ অক্সিজেনৰ চাহিদা নিজে পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি আশা কৰা হৈছে ।

ত্ৰিপুৰাত স্থাপন হ'ব উত্তৰ-পূৱৰ সৰ্ববৃহৎ অক্সিজেন উৎপাদন প্ৰকল্প

ইউ এন ডি পিৰ কনচাল্টেন্ট আৰু মেডিকেল অক্সিজেন জেনাৰেশ্বন চিষ্টেমৰ বিশেষজ্ঞ চাডেক ইক্কুৱে শুকুৰবাৰে আই জি এম হাস্পতালত উপস্থিত হয় ৷ চিকিৎসালয়খনত উপস্থিত হৈ তেখেতে প্ৰকল্প স্থাপন কৰিবলগীয় স্থান সমূহৰ প্ৰাৰম্ভিক পৰ্যায়ৰ নিৰীক্ষণ কৰে ৷

ৰোগ কল্যাণ সমিতিৰ অধ্যক্ষ তথা বিধায়ক দিলীপ কুমাৰ দাস আৰু আই জি এম চিকিৎসালয়ৰ অধীক্ষকে ইক্কুৰ নেতৃত্বত অহা দলটোক প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে স্থান নিৰ্ধাৰণ কৰাত সহায় কৰে ৷

লগতে পঢ়ক: দিল্লীত মন্ত্ৰী জয়শংকৰক সাক্ষাৎ নেপালৰ বৈদেশিক মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details