অসম

assam

ETV Bharat / bharat

UNSCৰ প্ৰয়োজনীয় সংস্কাৰক বাধা দিয়াটো উচিত নহয়: এছ জয়শংকৰ - UNSCৰ প্ৰয়োজনীয় সংস্কাৰক বাধা দিয়াটো উচিত নহয়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে UNSCত প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে (Jaishankar at UNSC)। তেওঁ কয় যে ইয়াৰ বিৰোধিতা কৰা সদস্যসকলে চিৰদিনৰ বাবে ইয়াক বন্ধ কৰি ৰাখিব নোৱাৰে ।

UNSC
UNSCৰ প্ৰয়োজনীয় সংস্কাৰক বাধা দিয়াটো উচিত নহয়

By

Published : Sep 25, 2022, 11:18 AM IST

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰয়োজনীয় সংশোধনী বা সংস্কাৰৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (Jaishankar on UNSC reforms)। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দৰ্ভত কয় যে এই ক্ষেত্ৰত হোৱা আলোচনা প্ৰক্ৰিয়াগত কৌশলৰ দ্বাৰা বাধা দিয়াটো উচিত নহয় আৰু ইয়াৰ বিৰোধিতা কৰা সদস্যসকলে এই প্ৰক্ৰিয়া চিৰদিনৰ বাবে বন্ধ কৰি ৰাখিব নোৱাৰে ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (UNGA) উচ্চ পৰ্যায়ৰ অধিৱেশনত জয়শংকৰে কয় যে ভাৰতে অধিক দায়িত্ব ল'বলৈ সাজু কিন্তু একে সময়তে বিশ্বৰ এটা অংশৰ সৈতে হোৱা অন্যায়ৰ নিৰ্ণায়ক মোকাবিলা নিশ্চিত কৰিব বিচাৰে ভাৰতে । তেওঁৰ মতে ভাৰতে সামুদ্ৰিক সুৰক্ষা, শান্তি ৰক্ষা আৰু সন্ত্ৰাসবাদ বিৰোধী বিষয়ত গুৰুত্ব আৰোপ কৰিছে । কিন্তু ইয়াক প্ৰক্ৰিয়াগত কৌশলৰ দ্বাৰা বাধা দিয়াটো উচিত নহয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে ভাৰত বৰ্তমান ১৫ জনীয়া নিৰাপত্তা পৰিষদৰ এক অস্থায়ী সদস্য আৰু এই বছৰৰ ডিচেম্বৰত ইয়াৰ দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হ'ব ।

লগতে পঢ়ক :ৰাষ্ট্ৰসংঘত পুনৰ পাকিস্তানক সকীয়নি ভাৰতৰ

ABOUT THE AUTHOR

...view details