নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী :উত্তৰ-কাশ্মীৰৰ কুপৱাৰাৰ সীমান্ত জিলাত ড্ৰাগছৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আন এক ডাঙৰ সফলতা । আৰক্ষীয়ে সেনাৰ সৈতে চলোৱা যৌথ অভিযানত ৪.৫ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰীৰ সৈতে দুজন ড্ৰাগছৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে (drugs smugglers arrested in Kupwara of north Kashmir) । আৰক্ষীৰ মুখপাত্ৰই জনোৱা অনুসৰি, স্থানীয় আৰক্ষীৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি ২৩ আৰু ২৪ ফেব্ৰুৱাৰীৰ মাজনিশা এই গ্ৰেপ্তাৰ আৰু ড্ৰাগছ উদ্ধাৰ কৰা হয় ।
কুপৱাৰাৰ কাৰ্নাহ অঞ্চলৰ পৰা দুটা পৃথক ঘটনাত ৪.৫৮৮ কিলোগ্ৰাম ওজনৰ মুঠ পাঁচ পেকেট নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয় (narcotics substance recovered from Kupwara JK) । প্ৰথমটো ঘটনাত তাদ অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ৰ বিষয়ে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি কাৰ্ণা আৰক্ষী থানাত এটা গোচৰ (এফআইআৰ নং 17/2023 ইউ/এছ 8/21-29 এনডিপিএছ আইন) পঞ্জীয়ন কৰা হৈছিল (narcotics smuggling in LoC) ।
গোচৰটোৰ তদন্তৰ সময়ত পঞ্জাতাৰা কাৰ্নাহৰ বাসিন্দা ৰাকীব হুছেইন শ্বাহৰ পুত্ৰ ফাৰুক আহমেদ শ্বাহ নামৰ এজন সন্দেহজনক লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছিল (drugs smuggling in Jammu and Kashmir) । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কুপৱাৰা আৰক্ষীয়ে সেনাবাহিনীৰ 06 জেএকে ৰাইফলছৰ সৈতে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত তেওঁৰ ঘৰৰ ওচৰৰ এক স্থানৰ পৰা লুকুৱাই থোৱা অৱস্থাত 2.674 কিলোগ্ৰাম ওজনৰ (পেকিংসহ) তিনি পেকেট নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ।
তাৰ পিচত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয় আৰু গোচৰটোৰ অধিক তদন্ত চলি আছে । পৰৱৰ্তী সময়ত ইয়াৰ সৈতে জড়িত আৰু অধিক ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । একেধৰণৰ আন এটা গোচৰত, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কাৰ্ণা আৰক্ষী থানাত 18/2023 ইউ/এছ 8/21-29 এনডিপিএছ আইনৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল । এই গোচৰটোৰ তদন্তৰ সময়ত টিথৱালৰ বাসিন্দা ৰাজা গোলাম আকবৰৰ পুত্ৰ ৰাজা আফতাব ওৰফে বাবু নামৰ এজন সন্দেহজনক ব্যক্তিক সোধা-পোছাৰ বাবে আটক কৰা হৈছিল ।