অসম

assam

Encounter in J and K: জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত দুজন সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰৰ কুলগাম জিলাৰ নৱাপোৰাৰ মিৰবজাৰ অঞ্চলত বুধবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হয়(Two militants killed encounter in Kulgam) । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, অঞ্চলটোত বৰ্তমানেও দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী থকাৰ সম্ভাৱনা আছে ৷

By

Published : Jun 30, 2022, 7:08 AM IST

Published : Jun 30, 2022, 7:08 AM IST

two-militants-killed-in-ongoing-encounter-in-kulgam-in-j-and-k
Encounter in J & K: জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত দুজন উগ্ৰপন্থী

নেশ্যনেল ডেস্ক, 30 জুন:বুধবাৰে বিয়লি দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ নৱপুৰা মিৰবজাৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে (Two militants killed encounter in Kulgam) । আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কুলগামৰ জিলাৰ দক্ষিণত অৱস্থিত নৱপুৰা মিৰবজাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোক ঘেৰি চলাইছিল তালাচী অভিযান ।

আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তা বাহিনীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰিছিল যদিও নিৰাপত্তা বাহিনীয়ে তেওঁলোকক পলায়নৰ সুযোগ নিদিয়াত দুয়োপক্ষৰ মাজত আৰম্ভ হয় সংঘৰ্ষৰ (Encounter started in Nowpora Kulgam) ।

আৰক্ষীয়ে জনোৱা মতে, সমগ্ৰ অঞ্চলটোকে ধৰি দাঁতি-কাষৰীয়া স্থানসমূহ সম্পূৰ্ণৰূপে ঘেৰাও কৰি পলায়ন কৰিব পৰা সকলো পথ বন্ধ কৰি দিয়া হয় । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, অঞ্চলটোত বৰ্তমানেও দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদী থকাৰ সম্ভাৱনা আছে (Jammu and Kashmir Zone Police) ।

লগতে পঢ়ক:এনকাউন্টাৰ বন্ধ কৰাৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details