অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশত যৌন নিৰ্যাতনৰ বলি দুই নাবালিকা

দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত মধ্য প্ৰদেশৰ ছট্টৰপুৰ জিলাত দুজন লোকক গ্ৰেপ্তাৰ ৷ 11 বছৰীয়া আৰু 5 বছৰীয়া দুই নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচতে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷ ছট্টৰপুৰ জিলাৰ প্ৰকাশ বামোৰি আৰক্ষী থানাৰ অন্তৰ্গত আৰু ৰাজধানী ভূপালৰ কোলাৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৷

By

Published : Apr 15, 2021, 12:32 PM IST

মধ্য প্ৰদেশত যৌন আতিশস্যৰ বলি দুই নাবালিকা
মধ্য প্ৰদেশত যৌন আতিশস্যৰ বলি দুই নাবালিকা

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল :মধ্য প্ৰদেশৰ ছট্টৰপুৰ জিলাত দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ ৷ 11 বছৰীয়া আৰু 5 বছৰীয়া দুই নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচতে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷ ছট্টৰপুৰ জিলাৰ প্ৰকাশ বামোৰি আৰক্ষী থানাৰ অন্তৰ্গত আৰু ৰাজধানী ভূপালৰ কোলাৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, এটি মন্দিৰৰ পৰা নাবালিকা গৰাকী উভতি অহাৰ পথত প্ৰকাশ বামোৰিত এই জঘন্য ঘটনা সংঘটিত কৰে এজন লোকে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে উত্তেজিত হৈ পৰে লোক সকল ৷

আনহাতে, ৰাজধানী ভূপালৰ কোলাৰ অঞ্চলত নিজ কণমানি ভাতৃৰ সন্মুখতে ককাদেউতাক আৰু এজন চুবুৰীয়াৰ কামনাৰ বলি হয় 6 বছৰীয়া এগৰাকী নাবালিকা ৷ ঘটনা সন্দৰ্ভত কোলাৰ আৰক্ষী থানাৰ পৰিদৰ্শক চন্দ্ৰকান্ত পেটেলে কয় যে, ভুক্তভোগী গৰাকী মাত্ৰ 6 বছৰীয়া আৰু তেওঁৰ ভায়েক 3 বছৰীয়া হোৱাৰ বাবে বিশেষ তথ্য লাভ কৰিব পৰা নাই ৷ কিন্তু নাবালিকাৰ স্বীকাৰোক্তিৰ ভিত্তিতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ কিশোৰীক বলাৎকাৰ

ABOUT THE AUTHOR

...view details