আগৰতলা,৩০ মাৰ্চ :ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ সোনামুৰা মহকুমাত চাঞ্চল্যকৰ ঘটনা (Mob lynching incident in Tripura) । গৰু চুৰিৰ লগত জড়িত থকাৰ সন্দেহত ২৬ বছৰীয়া এজন যুৱকক গণপ্ৰহাৰ । একাংশ লোকৰ প্ৰহাৰত যুৱকজনে কৰুণ মৃত্যুক আঁকোৱালি লয় ।
এই মৰ্মান্তিক ঘটনাকলৈ সম্প্ৰতি ৰাজ্যখনতে ব্যাপক প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে । হত্যাকাৰীসকলক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদ কৰিছে ভিন্নজনে । ধনপুৰত পথ অৱৰোধো কৰিছে একাংশ লোকে ।
ইয়াৰ মাজতে আৰক্ষীয়ে ঘটনাত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে (Police arrested two person on mob lynching case)। ধৃত লোক দুজন চেণ্টু দেবনাথ আৰু অমল চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে জত্ৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাৰামুৰা অঞ্চলত মঙলবাৰে পুৱাই এই ঘটনাটো সংঘটিত হয় । গৰু চোৰৰ সন্দেহত ধনপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাপুকুৰ গাঁৱৰ বাসিন্দা লিটান মিয়া নামৰ যুৱকজনক একাংশ লোকে প্ৰহাৰ কৰে । ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও যুৱকজন গুৰুতৰভাৱে আহত হয় ।
আৰক্ষীয়ে সংকটজনক অৱস্থাত যুৱকজনক স্থানীয় চিকিৎসালয় লৈ প্ৰেৰণ কৰে আৰু পৰিয়ালৰ সদস্যক অৱগত কৰে । পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক আগৰতলাৰ জিবি পন্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু হয় । মৃত যুৱকজনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ।
লগতে পঢ়ক :বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ডৰ ৰহস্য