আগৰতলা,৪ ডিচেম্বৰ : ত্ৰিপুৰাত শনিবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । সহকৰ্মীৰৰ গুলীত নিহত ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ (Tripura State Rifle) দুজনকৈ জোৱান (TSR jawan kills senior officials in Tripura)। পুৱা প্ৰায় ৯.৩০ মান বজাত চেপাহিজালা জিলাৰ মধুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কোনাবান জিচিএছ (ONGC Post)ত সংঘটিত হয় এই ঘটনা । ছুটিৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই সুকান্ত দাস নামৰ ৰাইফলমেন জনে গুলীয়াই হত্যা কৰে জ্যেষ্ঠ টিএছআৰৰ বিষয়া দুগৰাকীক ।
মৃত জোৱান কেইজন চুবেদাৰ মাৰ্কা সিং জামাতিয়া আৰু উপ-পৰিদৰ্শক কিৰণ জামাতিয়া বুলি জানিব পৰা গৈছে । সূত্ৰৰ মতে, টিএছআৰৰ অভিযুক্ত ৰাইফলমেন সুকান্ত দাসে ছুটীৰ আবেদন জনাইছিল । কিন্তু ছুটীৰ আবেদন অস্বীকাৰ কৰাৰ পাছতে সুকান্ত দাসে গুলীবৰ্ষণ আৰম্ভ কৰে । গুলীত আঘাতপ্ৰাপ্ত চুবেদাৰ মাৰ্কা সিং জামাতিয়াৰ ঘটনাস্থলীতে মৃত্যু হয় ।
আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উপ-পৰিদৰ্শক কিৰণ জামাতিয়াক আগৰতলাৰ ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও হাস্পতালত মৃত্যু হয় জোৱানজনৰ । জানিব পৰা মতে অভিযুক্ত ৰাইফলমেন সুকান্ত দাসৰ পত্নী মল্লিকা ৰিয়াং ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত আৰ কে পুৰ আৰক্ষী থানাৰ মহিলা কনিষ্টবল ।