অসম

assam

ETV Bharat / bharat

কৰ'ণাসৃষ্ট পৰিৱেশৰ ফলত হতাশাত ত্ৰিপুৰাৰ চাকৰি প্ৰত্যাশী - tripura government postpones joint reqruitment board examination

ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হ'ল 24 আৰু 25 এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া ত্ৰিপুৰাৰ যুটীয়া নিযুক্তি ব'ৰ্ডৰ পৰীক্ষা ৷ পৰীক্ষাৰ দিন পিছুৱাই যোৱাত হতাশাত লাখ লাখ চাকৰি প্ৰাৰ্থী ৷

covids fresh strike on tripura's job aspirants
কৰ'ণাসৃষ্ট পৰিৱেশৰ ফলত হতাশাত ত্ৰিপুৰাৰ চাকৰি প্ৰত্যাশী

By

Published : Apr 21, 2021, 10:06 AM IST

ত্ৰিপুৰা, 21 এপ্ৰিল:ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণে ত্ৰিপুৰাৰ যুটীয়া নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰি থকা লাখ লাখ চাকৰি প্ৰাৰ্থীক হতাশগ্ৰস্ত কৰি তুলিছে ৷ ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ব'ৰ্ডে 24 আৰু 25 এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষা পিছুৱাই দিয়াৰ ফলত চাকৰি প্ৰাৰ্থী সকল হতাশগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

পৰীক্ষাৰ দিন পিছুৱাই যোৱাত হতাশাত লাখ লাখ চাকৰি প্ৰাৰ্থী

মঙলবাৰে আবেলি এক নিৰ্দেশনা জাৰি কৰি ত্ৰিপুৰাৰ যুটীয়া নিযুক্তি ব'ৰ্ডৰ সঞ্চালক অদিতি মজুমদাৰে 24 আৰু 25 এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষা পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে ৷ বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে, কোনো কোনো পৰীক্ষা কেন্দ্ৰত পৰীক্ষা প্ৰত্যাশীৰ সংখ্যাই 500 ৰ পৰা 600 ৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷

এগৰাকী শীৰ্ষ বিষয়াই কয় যে, "পৰীক্ষা কেন্দ্ৰ সমূহ ক'ভিড-19 সংক্ৰমণৰ নতুন হটস্পটলৈ পৰিণত সম্ভাৱনা আছে ৷ সেয়ে অধিক বিপদজনক পৰিস্থিতিক প্ৰতিহত কৰাৰ উদ্দেশ্যে আমি সাময়িকভাৱে পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছো ৷ "

অৱশ্যে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ব'ৰ্ডে এতিয়ালৈকে কোনো তাৰিখ ঘোষণা কৰা নাই ৷ উল্লেখ্য যে, ত্ৰিপুৰা চৰকাৰে 10, 323 গৰাকী বঞ্চিত শিক্ষকৰ বাবে বিকল্প জীৱিকাৰ পথ সৃষ্টি কৰাৰ প্ৰয়াসৰ অংশ হিচাপে সৃষ্টি কৰা পদৰ বাবে বঞ্চিত শিক্ষক সকলৰ লগতে 1 লাখ 50 হাজাৰৰো অধিক চাকৰি প্ৰত্যাশীয়ে আবেদন কৰিছে ৷

লগতে পঢ়ক:ক'ভিড-১৯: ইন্দোৰত নিষিদ্ধ বিবাহ অনুষ্ঠান

ABOUT THE AUTHOR

...view details