অসম

assam

ETV Bharat / bharat

Tripura civic Poll : বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ - ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগ

বৃহস্পতিবাৰে 222 খন আসনৰ বাবে অনুষ্ঠিত হ’ব ত্ৰিপুৰা পৌৰ নিগমৰ নিৰ্বাচন ৷ 334 খন আসনৰ ভিতৰত বিনা প্ৰতিদ্বন্দিতাই 112 খনত জয় বিজেপিৰ (bjp won 112 of 334 seats in tripura civic poll) ৷ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ ৷

Tripura civic Poll
Tripura civic Poll

By

Published : Nov 24, 2021, 10:33 PM IST

আগৰতলা, 24 নৱেম্বৰ : বৃহস্পতিবাৰে অনুস্থিত হ’ব ত্ৰিপুৰা পৌৰ নিগমৰ নিৰ্বাচন (Tripura civic body election) ৷ নিৰ্দিষ্ট ভোটকেন্দ্ৰত উপস্থিত হৈছে গৈ নিৰ্বাচনী বিষয়া সকল ৷ ইতিমধ্যে মঙলবাৰে 785 গৰাকী প্ৰাৰ্থীয়ে নিজ নিজ নিৰ্বাচনী প্ৰচাৰ সম্পন্ন কৰে ৷ ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগৰ মতে, প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰ, ৰাজহুৱা সভা, ৰাজনৈতিক সমদল আদি সম্পূৰ্ণ কৰি ভোট যুদ্ধৰ বাবে সাজু হৈছে ৷

এইবাৰ ৰাজ্যখনৰ লোক সকলে বিভিন্ন বিক্ষিপ্ত ঘটনা প্ৰত্যক্ষ কৰে (Tripura people witnessed of stray situation) ৷ বিৰোধী দল যেনে চিপিআই(এম), তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে এই সমূহ আক্ৰমণৰ ঘটনাৰ আঁৰত শাসকীয় দল বিজেপি জড়িত থকা বুলি অভিযোগ তুলিছে(opposition alleaged bjp for Tripura violence) ৷ বিৰোধী দলসমূহে অভিযোগ কৰা মতে, ৰাজ্যখনত বৰ্তি থকা উদ্বেগজনক পৰিস্থিতিৰ বাবেই তেওঁলোকে সম্পূৰ্ণভাৱে প্ৰচাৰ চলোৱাত ব্যৰ্থ হয় ৷

অৱশ্যে এই সকলো অভিযোগ নস্যাৎ কৰিছে শাসকীয় দল বিজেপিয়ে(BJP refused allegation of Tripura violence) ৷ দলটোৰ তৰফৰ পৰা জনোৱা মতে বিৰোধী দল সমূহে ৰাইজৰ সহানুভূতি আদায়ৰ বাবে এই ধৰণৰ অপপ্ৰচাৰ চলাইছে ৷

এইবাৰৰ পৌৰ নিগমৰ নিৰ্বাচনত মুঠ 785 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ মনোনয়ন দাখিলৰ পাচতে 36 গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছিল নিজৰ মনোনয়ন ৷ প্ৰতিদ্বন্দিতা আগবঢ়োৱাসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ 120 গৰাকী, বিজেপিৰ 334 গৰাকী, চিপিআইৰ 6 গৰাকী, CPIMৰ 197 গৰাকী, কংগ্ৰেছৰ 92 গৰাকী, আৰ এছ পিৰ 2 গৰাকী, এ আই এফ বিৰ 3 গৰাকী অন্যান্য 10 গৰাকী আৰু নিৰ্দলীয় 21 গৰাকী প্ৰাৰ্থী আছে ৷

এই পৌৰ নিগমৰ নিৰ্বাচনত মুঠ আসনৰ সংখ্যা হৈছে 334 খন ৷ ইয়াৰ ভিতৰত 8 খন অনুসূচীত জনজাতিৰ বাবে, 157 খন মহিলাৰ বাবে আৰু 85 খন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৷ নিৰ্বাচনী আয়োগে জনোৱা তথ্য অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে 5, 94, 772 গৰাকী ৷ ইয়াৰে 2,93,979 গৰাকী পুৰুষ ভোটাৰ, 3,00,777 গৰাকী মহিলা ভোটাৰ আৰু 16 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ মুঠ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে 770 টা ৷

বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু অন্ত পৰিব বিয়লি 4 বজাত ৷ আনহাতে, অহা 28 নৱেম্বৰৰ পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা ৷ ভোটগ্ৰহণ আৰু ভোট গণনা প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে সকলো যাৱতীয় ব্যৱস্থা সম্পন্ন কৰিছে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত হিংসা বিয়পাইছে: MLA Sudip Roy Barman

ABOUT THE AUTHOR

...view details