নেশ্যনেল ডেস্ক,২৭ মে':ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰালৈ বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে । ৰাজ্যখনে বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাই পঠিওৱা ১০০ টা অক্সিজেন কনচেনট্ৰেটৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ টা অক্সিজেন কনচেনট্ৰেটৰ, ৩৬,০০০ ভিটিএম আৰু ২০ টা ভেণ্টিলেটৰ লাভ কৰে ।
ইয়াৰ পাচতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় চৰকাৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাক তেওঁলোকৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জনায় । এই পদক্ষেপে ৰাজ্যখনক ক'ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সহায় কৰিব বুলিও তেওঁৰ ফেচবুকযোগে এটা পোষ্ট শ্বেয়াৰ কৰে ।