অসম

assam

ETV Bharat / bharat

Tripura rath yatra tragedy : বিভাগীয় তদন্তৰ নিৰ্দেশ শক্তি মন্ত্ৰীৰ; মৃতকৰ পৰিয়ালক 2 লাখ আৰ্থিক অনুদান ঘোষণা প্ৰধানমন্ত্ৰীৰ

ত্ৰিপুৰাৰ ৰথা যাত্ৰাৰ সময়ত সংঘটিত দুৰ্ঘটনাক লৈ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে শক্তি মন্ত্ৰী ৰতন লাল নাথে । শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিবলৈও তেওঁ নিৰ্দেশ দিছে । নিহত আৰু আহতসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ ।

By

Published : Jun 29, 2023, 5:34 PM IST

Tripura rath yatra tragedy
বিভাগীয় তদন্তৰ নিৰ্দেশ শক্তি মন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৯ জুন :ৰথ যাত্ৰাৰ সময়ত ত্ৰিপুৰাত সংঘটিত দুৰ্ঘটনাক লৈ সমগ্ৰ দেশবাসী মৰ্মাহত হৈ পৰিছে । ৰথ যাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱা বিষয়টো সহজভাৱে ল'ব পৰা নাই ত্ৰিপুৰাৰ জনসাধাৰণে । ইফালে এই দুৰ্ঘটনাত গাফিলতি থকাৰ সন্দেহ কৰিছে বিভিন্নজনে । যাৰ বাবে ৰাজ্যজুৰি দুৰ্ঘটনাটোৰ উচিত তদন্তৰ দাবী উঠিছে । ইয়াৰ মাজত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ত্ৰিপুৰাৰ শক্তি মন্ত্ৰী ৰতন লাল নাথে । ৰথখন কেনেকৈ উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহিল আৰু কেনেকৈ ৭ গৰাকী লোকৰ মৃত্যু হ'ল এই সমগ্ৰ বিষয়টোৰ তদন্তৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী ৰতন লাল নাথে সমগ্ৰ ঘটনাটোক লৈ দুখ প্ৰকাশ কৰে । মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈও তেওঁ সমবেদনা জ্ঞাপন কৰে । আনহাতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে । তেওঁ উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে এই কঠিন সময়ত মৃতকৰ পৰিয়ালৰ কাষত থিয় দিছে । দুৰ্ঘটনাত হতাহতৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰ আৰু ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগম লিমিটেডে তেওঁলোকৰ কাষত থিয় দিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কৰ্ম সূত্ৰে বাহিৰত থকা বাবে দুৰ্ঘটনা সংঘটিত কুমাৰঘাটলৈ যাব পৰা নাই । অৱশ্যে ঘটনা সন্দৰ্ভত তেওঁ কুমাৰঘাটৰ স্থানীয় বিধায়ক ভগবান চন্দ্ৰ দাস আৰু টিএছইচিএলৰ ডিজিএমৰ সৈতে কথা পাতিছে বুলি উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ টিএছইচিএলৰ উপ মহাপ্ৰৱন্ধকক এনে কৰুণ ঘটনা কেনেকৈ সংঘটিত হৈছিল তাৰ তদন্ত আৰু ৰাজ্য চৰকাৰক যিমান সম্ভৱ সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । ইফালে দুৰ্ঘটনাটোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু নিহতসকলৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদানৰ ঘোষণা কৰে । ইফালে দুৰ্ঘটনাটোত নিহতসকল ক্ৰমে সীমা পাল, সুস্মিতা বৈদ্য, ৰূপক দাস, সোমা বিশ্বাস, ৰোহন দাস, শান মালাকাৰ আৰু প্ৰিয়ংকা ঘোষ বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :Rath Yatra 2023: ৰথ যাত্ৰাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি 7 জন লোকৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details