আগৰতলা, 18 নবেম্বৰ :তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে(Sushmita Dev) বৃহস্পতিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান ভি এছ যাদৱলৈ এখন পত্ৰ লিখে ৷ তেওঁ কয় যে, ত্ৰিপুৰা আৰক্ষীয়ে ৰাজনৈতিক চাপত কাম কৰি আছে আৰু আৰক্ষী পক্ষপাতত লিপ্ত হোৱাটো স্পষ্ট হৈ পৰিছে । টিএমচিৰ সাংসদ সুস্মিতাৰ এইপত্ৰখন তেওঁলোকৰ দলৰ কৰ্মীসকলে আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে পোহৰলৈ আহে ৷
অভিযোগ অনুসৰি, আৰক্ষীয়ে ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা উপ-সংমণ্ডলত বুধবাৰে নিশা সংঘটিত হোৱা এটা আক্ৰমণৰ ঘটনাৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল ৷" আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে, ত্ৰিপুৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ (AITC) কৰ্মীসকলৰ বিৰুদ্ধে হিংসা অবিৰতভাৱে চলি আছে । এইটো মোৰ বাবে স্পষ্ট যে ত্ৰিপুৰাত আইন প্ৰৱৰ্তন কাৰী সকল বিফল হৈছে ", দেৱে তেওঁৰ পত্ৰত লিখিছিল ।