আগৰতলা, 8 জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)ৰ মন্ত্ৰীসভাৰ বুধবাৰে সম্প্ৰসাৰণ ঘটোৱা হয় ৷ মোডীৰ নতুন মন্ত্ৰীসভাত নতুনকৈ 43 জন মন্ত্ৰীয়ে স্থান লাভ কৰে ৷ মোডীৰ মন্ত্ৰীসভা (Union Ministers)ত নতুনকৈ স্থান লাভ কৰাসকলৰ অন্যতম হৈছে পূৱ ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিক (Tripura MP Pratima Bhowmik) ৷ তেওঁক মোডী মন্ত্ৰীসভাত সামাজিক ন্যায় আৰু সশক্তিকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰ প্ৰদান কৰা হৈছে ৷
প্ৰতিমা ভৌমিকে (Pratima Bhowmik) বুধবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ প্ৰতিমা ভৌমিকৰ কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Ministers)ত অন্তৰ্ভুক্তি ঐতিহাসিক হিচাপে বিবেচিত কৰা হৈছে ৷ কিয়নো ৰাষ্ট্ৰীয় ৰাজনীতিত এগৰাকী কেবিনেট মন্ত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ভৌমিক ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা ৰাজনীতিবিদ আৰু স্থায়ী বাসিন্দা ৷
পূব ত্ৰিপুৰা সমষ্টিৰ সাংসদ প্ৰতিমা ভৌমিকে (Pratima Bhowmik) দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আহিছিল । ভৌমিকে ২০১৮ চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত গৃহ সমষ্টি ধনপুৰৰ পৰা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ বিৰুদ্ধে অৱৰ্তীণ হৈ পৰাজিত হৈছিল ৷ ইয়াৰ পাছত 2019 ৰ লোকসভা নিৰ্বাচনত তেওঁ পশ্চিম ত্ৰিপুৰা সমষ্টিৰ পৰা টিকট লাভ কৰে আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰে ।