আগৰতলা, 4 ছেপ্তেম্বৰ :কিশোৰী অপহৰণ অভিযোগত অভিযুক্ত হৈছে ত্ৰিপুৰা হিন্দু যুৱ পৰিষদৰ নেতা সুমন সৰকাৰ ৷ বিশাগড়ৰ চন্দ্ৰনগৰৰ বাসিন্দা সুমনক এগৰাকী সংখ্যালঘু কিশোৰীক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিগত 24 জুলাইত ত্ৰিপুৰাৰ চাৰিলাম উত্তৰপাৰাৰ পৰা কিশোৰীগৰাকীক অপহৰণ কৰা বুলি বিশালগড় মহিলা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল কিশোৰীগৰাকীৰ পিতৃয়ে ৷
কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি আৰক্ষীয়ে এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি তদন্তকাৰী আৰক্ষী বিষয়া স্বৰ্ণ দেৱবৰ্মাই তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷
পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ শুকুৰবাৰে অভিযুক্ত সুমন সৰকাৰক পলাই যোৱাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে ত্ৰিপুৰা হিন্দু যুৱ বাহিনীৰ আন এগৰাকী নেতা তপন দেৱনাথক গ্ৰেপ্তাৰ কৰে ৷