অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ

ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাই বুধবাৰে এক ৰাজনৈতিক কাৰ্যসূচীৰ সভাপতিত্ব কৰি থকা সময়তে তেওঁৰ গৃহ সমষ্টি তাকাৰজালা অঞ্চলত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । প্ৰতিবাদকাৰীসকলৰ অভিযোগ নেতাগৰাকীয়ে টিটিএএডিচি অঞ্চলসমূহৰ উন্নয়নমূলক কাৰ্যকলাপ স্থগিত ৰাখিছে । আইপিএফটি দলৰ এক সূত্ৰই অভিযোগ কৰা মতে টিটিএএডিচিৰ শাসনাধিষ্ঠ টিপ্ৰা মোথাৰ নেতৃত্বত হৈছিল এই প্ৰতিবাদ ।

PROTEST AGAINST N C DEBBARMA
ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : May 19, 2021, 7:47 PM IST

নেশ্যনেল ডেস্ক,১৯ মে':আইপিএফটিৰ নেতা তথা ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ । মন্ত্ৰীগৰাকীয়ে বুধবাৰে এক ৰাজনৈতিক কাৰ্যসূচীৰ সভাপতিত্ব কৰি থকা সময়তে তেওঁৰ গৃহ সমষ্টি তাকাৰজালা অঞ্চলত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । অৱশ্যে স্থানীয় আইপিএফটি সমৰ্থকসকলে দাবী কৰে যে টিপ্ৰা মোথাৰ সমৰ্থকসকলে উদ্দেশ্য প্ৰণোদিতভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

এক সূত্ৰৰ মতে দেববৰ্মাই পুৱা তাকাৰজালা কমিউনিটি হলত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল । সেই অনুসৰি, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল । দুপৰীয়া প্ৰায় ১ মান বজাত একাংশ লোকে ক'লা পতাকা লৈ কমিউনিটি হলৰ সন্মুখত একত্ৰিত হ'বলৈ আৰম্ভ কৰে । আৰক্ষীয়ে লগে লগে প্ৰতিবাদকাৰীক ৰোধিবলৈ বেৰিকেড স্থাপন কৰে ।

তাৰ পিছতে সমবেত লোকসকলে ক'লা পতাকা উৰুৱাবলৈ আৰম্ভ কৰে আৰু মন্ত্ৰীজনৰ বিৰুদ্ধে মূৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে । আনকি প্ৰতিবাদকাৰীসকলে বহু সময় ধৰি পথ অৱৰোধ কৰি ৰাখে যাৰ বাবে মন্ত্ৰীগৰাকী সেই ঠাইৰ পৰা প্ৰস্থান কৰাত পলম হৈছিল । প্ৰতিবাদকাৰীসকলৰ অভিযোগ নেতাগৰাকীয়ে টিটিএএডিচি অঞ্চলসমূহৰ উন্নয়নমূলক কাৰ্যকলাপ স্থগিত ৰাখিছে ।

আইপিএফটি দলৰ এক সূত্ৰই অভিযোগ কৰা মতে টিটিএএডিচিৰ শাসনাধিষ্ঠ টিপ্ৰা মোথাৰ নেতৃত্বত হৈছিল এই প্ৰতিবাদ । লগতে টিপ্ৰা মোথাই আইপিএফটিক নিশ্চিহ্ন কৰি টিটিএএডিচি অঞ্চলত তেওঁলোকৰ এটা পাৰ্টি শ্ব' চলাবলৈ চেষ্টা চলোৱাৰ অভিযোগ তোলে ।

উল্লেখ্য যে আইপিএফটি দলে সদ্যসমাপ্ত টিটিএএডিচি নিৰ্বাচনত এন চি দেব্বাৰ্মাৰ প্ৰাৰ্থীয়ে তেওঁৰ দুৰ্গ তাকাৰজালাত টিআইপিআৰএ মোথাৰ সভাপতি প্ৰদ্যুত কিশোৰ দেববৰ্মনৰ হাতত পৰাজিত হৈছিল ।

লগতে পঢ়ক:কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়...

ABOUT THE AUTHOR

...view details