আগৰতলা, ২৭ ফ্ৰেব্ৰুৱাৰীঃত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৰাজ্যজুৰি আৰ্দ্ৰভূমিৰ সুৰক্ষা আৰু সংৰক্ষণৰ (protection and preservation of the wetlands) বাবে এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে য'ত শীতকালত পৰিভ্ৰমী চৰাইবোৰে বাস কৰে (Tripura high court decision)। ত্ৰিপুৰাৰ গোমতী জিলাৰ অন্তৰ্গত উদয়পুৰ উপ-সংমণ্ডলৰ সুখসাগৰ জলাশয়ত ১০০০ তকৈও অধিক পৰিভ্ৰমী চৰাই মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতেই এই নিৰ্দেশনা ন্যায়ালয়ৰ।
এই ঘটনাৰ পাছতেই কৌশিক নাথে দাখিল কৰা ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ শুনানিগ্ৰহণ কৰি ত্ৰিপুৰাৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহন্ত আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ে দেওবাৰে এই নিৰ্দেশ প্ৰদান কৰে । আদালতে ঘটনাটোৰ ওপৰত এক বিতং প্ৰতিবেদনৰ পৰা ওপৰৰ পৰা এইটোও বিচাৰি পাইছে যে তদন্ত সমিতিয়ে স্থানীয় এলেকা পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত, তেওঁলোকে পৰিভ্ৰমী চৰাইবোৰৰ কোনো মৃতদেহ বিচাৰি পোৱা নাছিল যিটো নিত্যান্তই চিন্তাৰ বিষয় ।
এটা মাত্ৰ মৃতদেহ পোৱা গৈছে যিটো ২৮ জানুৱাৰীত এটা সাধাৰণ টিলৰ আছিল আৰু তেতিয়াও মৃতদেহটো পুট্ৰিফিকেচনৰ বাবে উক্ত চৰাইটোৰ ওপৰত মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নগ'ল ।অৰ্থাৎ, পৰিভ্ৰমী চৰাই বা মৃত অৱস্থাত পোৱা স্থানীয় চৰাইৰ কোনো মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাই । প্ৰতিবেদনখনে আৰু ইংগিত দিয়ে যে কিছুমান পৰিভ্ৰমী চৰাই স্থানীয় জনসাধাৰণৰ দ্বাৰা হত্যা কৰা হৈছিল আৰু কোৱা হৈছে যে সম্ভৱতঃ এই চৰাই বোৰ যি নতুনকৈ ৰোপণ কৰা ধানখেতিত চৰি আছিল আৰু স্থানীয় কৃষকসকলেও এই চৰাইবোৰ হত্যা কৰাত অৰিহণা যোগাইছিল।
অৰ্থাৎ, তেওঁলোকে 'Man Animal Conflict'ৰ ফলত চৰাইবোৰৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে, আদালতৰ নিৰ্দেশত এইটোও উল্লেখ কৰা হৈছে যে প্ৰতিবেদনখনে এইটোও সূচায় পৰিভ্ৰমী চৰাইবোৰে উক্ত অঞ্চলত কৃষকসকলে ব্যৱহাৰ কৰা কীটনাশক সেৱন কৰাৰ সম্ভাৱনা আছে । কিন্তু তাৰ বাবেও তেওঁলোকৰ ওচৰত কোনো নিশ্চিত প্ৰমাণ নাই আৰু মাটিৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।