অসম

assam

বিদ্ৰোহৰ ফলত বঞ্চিত লোকৰ বাবে ত্ৰিপুৰা চৰকাৰে গঠন কৰিব বিশেষ আয়োগ

ত্ৰিপুৰা বিধানসভাত উত্থাপন হৈছে দশকজোৰা বিদ্ৰোহৰ প্ৰসংগ । শাসকীয় দলৰ এগৰাকী বিধায়কে উত্থাপন কৰিছে বিষয়টো । বিধায়কৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়েও বিশেষ ঘোষণা কৰিলে । যি ঘোষণাই কিছু পৰিমাণে আনন্দিত কৰি তুলিছে ত্ৰিপুৰাবাসীক । পিছে মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিলে সদনৰ মজিয়াত ?

By

Published : Sep 25, 2021, 11:08 AM IST

Published : Sep 25, 2021, 11:08 AM IST

special commission for people deprived due to insurgency
বিদ্ৰোহৰ ফলত বঞ্চিত লোকৰ বাবে ত্ৰিপুৰা চৰকাৰে গঠন কৰিব বিশেষ আয়োগ

আগৰতলা, ২৫ ছেপ্টেম্বৰ :ত্ৰিপুৰাত দশকজোৰা বিদ্ৰোহৰ ফলত সকলো হেৰুওৱা লোকসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে । বিদ্ৰোহৰ ফলত আভ্যন্তৰীণভাৱে উচ্ছেদিত বা ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ লোকচানৰ পৰিমাণ মূল্যাঙ্কনৰ বাবে আয়োগ গঠন কৰিব ত্ৰিপুৰা চৰকাৰে । উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই আয়োগৰ অধ্যক্ষতা কৰিব ।

ত্ৰিপুৰা চৰকাৰে বিষয়টো বিবেচনা কৰিব আৰু যদি ইয়াৰ প্ৰয়োজনীতা আছে বুলি ভাৱে নিশ্চয় চৰকাৰে এনে এক শক্তিশালী আয়োগ (a high power commission) গঠন কৰিব । বিধানসভাত এই মন্তব্য কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb) । বিজেপি বিধায়ক আশীষ কুমাৰ সাহাই (BJP MLA Asish Kumar Saha) উত্থাপন কৰা এক প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে আয়োগ গঠনৰ কথা উল্লেখ কৰে ।

বিষয়টোত বক্তব্য ৰাখি বিধায়ক সাহাই কয় যে যোৱা চাৰে চাৰি দশক ধৰি ত্ৰিপুৰাত বিদ্ৰোহৰ মেঘে আৱৰি আছিল আৰু উন্নয়নৰ পথত ই ডাঙৰ বাধা হিচাপে থিয় দিছিল । বাওঁপন্থীসকলক লক্ষ্য কৰি সাহাই কয় যে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বাওঁপন্থী বিধায়কসকলে প্ৰথম পৰ্যায়ত সময়ত বিধানসভাৰ পৰা প্ৰস্থান কৰিছিল আৰু কাৰ্যক্ৰমত পুনৰ যোগদান কৰা নাছিল ।

দীৰ্ঘদিন ধৰি বিদ্ৰোহী আন্দোলনৰ ফলত উচ্ছেদিত দুৰ্ভগীয়া লোকসকলৰ বাবে এটা বিশেষ পেকেজ ঘোষণা কৰাৰ দাবীও সাহাই উত্থাপন কৰে । বিজেপি চৰকাৰে আভ্যন্তৰীণভাৱে উচ্ছেদিত ব্ৰু লোকসকলৰ (Bru people) প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকৰ বাবে বিশেষ পেকেজো ঘোষণা কৰিছে । সেয়ে বিধায়কগৰাকীয়ে অনুভৱ কৰে যে দুৰ্ভগীয়া লোকসকলৰ যিসকলে ঘৰ, সম্পত্তি লগতে প্ৰিয়জনৰ পৰা আঁতৰি যাবলগীয়া হৈছে তেওঁলোকৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা লোৱা উচিত ।

বিদ্ৰোহী সংগঠনৰ পুনৰুত্থান সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱে কয় যে ত্ৰিপুৰাত বিদ্ৰোহী সংগঠনসমূহ পুনৰ একত্ৰিত হ'ব নোৱাৰে কিয়নো প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে পুনৰুত্থানৰ সকলো দুৱাৰ বন্ধ কৰি দিছে । বিৰোধী দলক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন ৰাজনৈতিক দলে বিদ্ৰোহী সংগঠনসমূহক সহায় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈ কোনো দৃঢ় প্ৰমাণ পোৱা হোৱা নাই ।

কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই কিয়নো চৰকাৰৰ হাতত চোৰাংচোৱা ইনপুট আছে । তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে বৰ্তমান উগ্ৰপন্থী সংগঠনসমূহত নতুন কেডাৰ অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সংগঠনসমূহ । সংগঠনসমূহত তীব্ৰ আৰ্থিক সংকটে দেখা দিছে । ইফালে কোনো যুৱক-যুৱতীক যোগদান কৰিবলৈ বাধ্য কৰাই যদিও পাছত উন্নত ভৱিষ্যতৰ সন্ধানত তেওঁলোক প্ৰশিক্ষণ শিবিৰৰ পৰা পলায়ন কৰে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিধায়ক সাহাৰ প্ৰতি সঁহাৰি জনাই দেৱে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বহুতো বিদ্ৰোহী সংগঠনে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছে আৰু আলোচনাৰ মাধ্যমলৈ আহিছে । তেওঁৰ মতে কেৱল এই সমস্যাৰ সমাধান আলোচনাৰ মাজেৰেহে হয় । তেওঁৰ দাবী কঠোৰ পদক্ষেপে কেতিয়াও এনে সংবেদনশীল সমস্যা সমাধান কৰিব নোৱাৰে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰাৰ বহু বিদ্ৰোহী সংগঠনে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰাৰ সুযোগ বিচাৰি আছে । তেওঁ সদনত কোৱা মতে সংগঠনসমূহে বিদ্ৰোহৰ নামত ধন দাবী বন্ধ কৰিব বিচাৰে । ইফালে মুখ্যমন্ত্ৰীয়ে কোৱা মতে অৰ্থনৈতিক আৰু সামাজিক বৈষম্য হৈছে বিদ্ৰোহৰ অন্যতম কাৰণ ।

সেয়ে চৰকাৰে এই সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ৰাজ্যখনত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে আৰু দূৰৱৰ্তী অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰতো চৰকাৰে দৃষ্টি ৰাখিছে । মুখ্যমন্ত্ৰীয়ে সদনত দাবী কৰা মতে সকলোৱে প্ৰাথমিক সুবিধাবোৰ লাভ কৰিবলৈ সক্ষম হৈছে যাৰ বাবে যুৱসমাজে এতিয়া ভুল পথলৈ যোৱাৰ চিন্তা নকৰে ।

লগতে পঢ়ক :কমলা হেৰিছক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ABOUT THE AUTHOR

...view details