অসম

assam

কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ৰাজ্যখনৰ কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয় কৰিব ত্ৰিপুৰা চৰকাৰে ৷ এই ধান কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা হ'ব বুলি জানিবলৈ দিছে ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগানমন্ত্ৰী মনোজ কান্তি দেৱে ৷

By

Published : Jun 9, 2021, 9:26 AM IST

Published : Jun 9, 2021, 9:26 AM IST

tripura government has set a target of procuring 20,000 Metric Ton paddy directly from the farmers
কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

আগৰতলা,9 জুন: কৃষকৰ পৰা 20,000 হাজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ এই ধান কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব ত্ৰিপুৰা চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷ ইতিমধ্যে এই লক্ষ্যৰে ৰাজ্যখনৰ গোমতী জিলাৰ অন্তৰ্গত উদয়পুৰ আৰু চেপাহিজালা জিলাৰ অন্তৰ্গত সোণামুৰাত দুটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে ত্ৰিপুৰা খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷

কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

এই সন্দৰ্ভত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী মনোজ কান্তি দেৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, ৰাজ্যখনত ধান ক্ৰয় অভিযান অব্যাহত আছে ৷ এইবাৰ কৃষকৰ পৰা পোনপটীয়াকৈ 20,000 মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিধাৰণ কৰা হৈছে ৷ যোৱা বছৰত 60,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল বুলি কয় মন্ত্ৰী মনোজ কান্তি দেৱে ৷

কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

'কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিছে । এসময়ত এক কুইণ্টল ধান ১,০০০ টকাত বিক্ৰী হৈছিল আৰু এতিয়া ইয়াৰ মূল্য ১,৮৬৮ টকা লাভ কৰিছে কৃষকে ৷ কৃষকসকলে আগৰ মূল্যৰ প্ৰায় দুগুণ লাভ কৰিছে । এইটো ত্ৰিপুৰা চৰকাৰৰ এটা ডাঙৰ সাফল্য' ৷ সাংবাদিকৰ আগত এইদৰে কয় মন্ত্ৰী মনোজ কান্তি দেৱে ৷

কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ছ'চিয়েল মিডিয়াৰ এক আপডেটৰ জৰিয়তে চৰকাৰে ধান ক্ৰয়ৰ বাবে ৩৭.৩৬ কোটি টকা ব্যয় কৰা কৰা কথা উল্লেখ কৰিছে ৷

লগতে পঢ়ক: ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও

ABOUT THE AUTHOR

...view details