নেশ্যনেল ডেস্ক, ৩ মে': কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সান্ধ্য আইন জাৰি কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে ত্ৰিপুৰা চৰকাৰ । ৪ মে'ৰ পৰা ত্ৰিপুৰাৰ নগৰ অঞ্চলত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন । কিন্তু নৈশ সান্ধ্য আইন বলৱৎ হোৱাৰ পূৰ্বেই ৰাজ্য চৰকাৰে সান্ধ্য আইন বলৱৎ হ'বলগীয়া সময়চোৱাৰ ক্ষেত্ৰত কিছু সালসলনি কৰিছে । পূৰ্বে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছিল ত্ৰিপুৰা চৰকাৰে ।
এতিয়া এক নতুন নিৰ্দেশনা যোগে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে । সোমবাৰে শিক্ষামন্ত্ৰী ৰতন লাল নাথে জনোৱা মতে, আগৰতলা চহৰক বাদ দি ২০ খন নগৰীয়া স্থানীয় নিকায়ত নৈশ সান্ধ্য আইন জাৰি কৰা হোৱা নাছিল । তেওঁৰ মতে, ৰাজ্যখনত মহামাৰীৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে ।
বিগত সপ্তাহত হোৱা সংক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে, দেওবাৰে ৰাজ্যখনত ২৪৭ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে আৰু এনে পৰিস্থিতিত চৰকাৰে নিৰৱে থাকিব নোৱাৰে । সেয়ে, সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে ।