অসম

assam

By

Published : Sep 16, 2021, 12:35 PM IST

ETV Bharat / bharat

ত্ৰিপুৰা CPIM ৰ ৰাজ্যিক সম্পাদক গৌতম দাসৰ পৰলোকপ্ৰাপ্তি

চিৰবিদায় মাগিলে ত্ৰিপুৰা CPIM ৰ ৰাজ্যিক সম্পাদক গৌতম দাসে । ক'ভিড-১৯ ত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত তেওঁ পুনৰ স্বাস্থ্যজনিত সমস্যাত ভোগে । বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে গৌতম দাসে ৷

Tripura CPIM state secretary Gautam Das passes away
Tripura CPIM state secretary Gautam Das passes away

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ: বৃহস্পতিবাৰে দেহাৱসান ঘটে ত্ৰিপুৰাৰ চিপিআইএম (CPIM)ৰ ৰাজ্যিক সম্পাদক গৌতম দাসৰ । বৃহস্পতিবাৰে পুৱা কলকাতাস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত ব্যক্তিগৰাকী কিছু পৰিমাণে সুস্থ হৈ উঠিছিল যদিও সমান্তৰালকৈ আনুষংগিক কেইবাটাও ৰোগত আক্ৰান্ত হৈছিল । ফলত ৭৪ বছৰীয়া নেতাগৰাকীৰ দেহৰ বহুকেইটা অংগ বিকল হৈ পৰে ।

ক'ভিড 19 ত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত আন কিছুমান জটিলতাই দেখা দিয়াত তেওঁক কলকাতাৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কেইদিনমান পূৰ্বে তেওঁৰ ক'ভিড-১৯ ৰ পৰীক্ষা কৰোৱা হৈছিল । তেতিয়া তেওঁৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটে । এসপ্তাহ ধৰি চিকিৎসা প্ৰদান কৰাৰ পাছতো তেওঁ সুস্থ হৈ উঠাৰ পৰিৱৰ্তে অধিক অসুস্থহে হৈছিল ।

অৱশেষত বৃহস্পতিবাৰে পুৱা তেওঁৰ দেহাৱসান ঘটে । আনহাতে, প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰী কলকাতালৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই বিষয়ে আলোচনা কৰিবলৈ দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় ৷

গৌতম দাসৰ নশ্বৰ দেহ ত্ৰিপুৰালৈ উভতাই অনা হ'ব নে নাই, দলটোৱে কেনেদৰে প্ৰবীণ নেতাজনৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব এই বিষয়ে বৈঠকত আলোচনা কৰা হয় । কিয়নো ক'ভিড-১৯ ৰ বাবে বৰ্তমান যিকোনো অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা থাকিব পাৰে বুলি দলটোৰ এক সূত্ৰই জানিবলৈ দিয়ে ।

দাসৰ অন্ত্যেষ্টিক্ৰিয়া কেনেদৰে সম্পন্ন কৰা হ'ব সেই বিষয়ে সিদ্ধান্ত ল'বলৈ চিকিৎসালয় পৰিষদৰ এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হয় । গৌতম দাসৰ মৃত্যু বাওঁপন্থী দলৰ ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি । কিয়নো, তেওঁ সদায় দলৰ ৰণনীতি প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল ।

তেওঁ পূৰ্বে চিপিআইএমৰ মুখপত্ৰ দৈনিক দেশেৰ কথাৰ সম্পাদক আছিল । কিন্তু পিছত তেওঁ দলৰ সম্পাদক পদৰ দায়িত্ব গ্ৰহণ কৰে আৰু মুখপত্ৰখনৰ দায়িত্ব ত্যাগ কৰে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে প্ৰবীণ বাওঁপন্থী নেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ওড়িশাত প্ৰচণ্ড বৃষ্টিপাতত ৬ জন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details