অসম

assam

By

Published : Oct 20, 2022, 5:27 PM IST

ETV Bharat / bharat

Centre awarded Tripura: PMAY Urban প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে ত্ৰিপুৰাক পুৰস্কৃত

প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে দেশৰ আন ৪ খন ৰাজ্যৰ লগতে ত্ৰিপুৰাকো পুৰস্কৃত কৰা হৈছে (Centre awarded Tripura)। আঁচনিৰ অধীনত প্ৰদান কৰা আন চাৰিখন ৰাজ্য হৈছে গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু তামিলনাডু । ত্ৰিপুৰাৰ ২০ খন নগৰ অঞ্চলত ৬ টা ডিপিআৰ অনুসৰি মুঠ ৮৭,২২৬ টা ঘৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে ৷ ইয়াৰ ভিতৰত ৭০,৬৪০ টা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে ৷

Centre awarded Tripura
PMAY Urban প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে ত্ৰিপুৰাক পুৰস্কৃত

আগৰতলা, ২০ অক্টোবৰ : ত্ৰিপুৰা চৰকাৰৰ বৃহৎ সফলতা । ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ত্ৰিপুৰা । চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুৰস্কৃত কৰিলে ত্ৰিপুৰাক । প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ প্ৰকল্পত সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিলে ত্ৰিপুৰাই (Tripura awarded for PMAY U scheme)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ ৰাজকোটত ত্ৰিপুৰা নগৰ উন্নয়ন বিভাগৰ সচিব কিৰণ গিটেক এই বঁটা প্ৰদান কৰে ।

মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ প্ৰকল্পৰ (Pradhan Mantri Awas Yojana Urban scheme) অধীনত ৰাজ্যখনৰ ২০ খন নগৰ অঞ্চলত ৬ টা ডিপিআৰ অনুসৰি মুঠ ৮৭,২২৬ টা ঘৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে ৷ ইয়াৰ ভিতৰত ৭০,৬৪০ টা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে ৷ ইতিমধ্যে ৫৩,৩০২ টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । বাকী ৩৩,৯২৪ টা ঘৰ ২০২৩ চনৰ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ।

ৰাজ্যখনৰ নগৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ আঁচনিৰ অধীনত গৃহ নিৰ্মাণত এই সফলতাৰ বাবে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ এক উদ্যোগত প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ আঁচনিৰ সৰ্বশ্ৰেষ্ঠ ৰূপায়ণকাৰী ৰাজ্য হিচাপে ত্ৰিপুৰাক আন চাৰিখন ৰাজ্যৰ সৈতে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় (PMAY Urban scheme in Tripura)। এই আঁচনিৰ অধীনত প্ৰদান কৰা আন চাৰিখন ৰাজ্য হৈছে গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু তামিলনাডু ।

ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ প্ৰকল্প দ্ৰুতগতিত চলি থকা শ্ৰেষ্ঠ ৫ ৰাজ্যৰ অন্তৰ্ভুক্ত হ'ল ত্ৰিপুৰা । এই বঁটা লাভ কৰাৰ পাছতে ত্ৰিপুৰাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ পূৰ্বে ত্ৰিপুৰা চৰকাৰেও ৰাইজক আশ্বাস প্ৰদান কৰিছিল যে চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো আঁচনিয়ে দ্ৰুতগতিত ৰূপায়ণৰ চেষ্টা অব্যাহত ৰাখিছে । জল জীৱন মিছনকে ধৰি বাকী আঁচনিসমূহো চৰকাৰে দ্ৰুতগতিত ৰূপায়ণৰ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে এই বঁটা লাভ কৰাৰ লগে লগে ত্ৰিপুৰা চৰকাৰো যথেষ্ট আনন্দিত হৈছে ।

লগতে পঢ়ক:US-India Strategic Partnership Forum: ভাৰত-আমেৰিকাৰ কোম্পানীসমূহক ৰাজ্যত বিনিয়োগ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details