আগৰতলা, 9 মাৰ্চ :ত্ৰিপুৰা আৰক্ষীয়ে মঙলবাৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Tripura Police anti drug drive) চলাই প্ৰায় লক্ষাধিক টকাৰ মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে দুটা পৃথক স্থানৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । ত্ৰিপুৰাৰ মুংগিয়াকামী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেলিয়ামুৰাৰ নেতৃত্বত এটা দলে ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ১৮ চকীয়া ট্ৰাক জব্দ কৰে ।
আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ পৰা মুঠ ২৯২ কিল’গ্ৰাম শুকান গাঞ্জা উদ্ধাৰ কৰে ৷ তেওঁলোকে ট্ৰাকখনৰ চালক জম্মু বেগ (৩৬) আৰু হেন্দিমেন মুকেশ সিঙক (২১) গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোক দুজন ৰাজস্থানৰ বাসিন্দা বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷