অসম

assam

ETV Bharat / bharat

Tripura Civic Body Poll : TMC য়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

23 নৱেম্বৰত অনুষ্ঠিত হ’ব আগৰতলাৰ পৌৰসভা নিৰ্বাচন ৷ বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷

By

Published : Nov 17, 2021, 11:31 AM IST

trinamool-congress-released-manifesto-
পৌৰ-সভা নিৰ্বাচনকলৈ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে মংগলবাৰে প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ

আগৰতলা, 17 নৱেম্বৰ :সমাগত আগৰতলাৰ পৌৰসভা নিৰ্বাচন ৷ অহা 23 নৱেম্বৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচন ৷ ইতিমধ্য নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজনৈতিক দল সমূহ ৷ মংগলবাৰে এখন সংবাদমেল আয়োজন কৰি তৃণমূল কংগ্ৰেছ (AITC) ৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰয়ে কয় যে ত্ৰিপুৰাত তেওঁলোকে মমতা বেনাৰ্জীৰ আদৰ্শৰে পৰিচালিত হ’ব বিচাৰে ৷

তেওঁ লগতে উল্লেখ কৰে যে আগন্তুক নিৰ্বাচন লৈ তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত আগৰতলা পৌৰ নিগমৰ অঞ্চলৰ বাবে 9 টা মূল লক্ষ্য ধাৰ্য কৰা হৈছে ৷ তেওঁৰ ভাষ্য অনুসৰি, "যদি আমি ক্ষমতালৈ আহোঁ আগৰতলাৰ 8 টা মুখ্য স্থানত (hotspots) ৱাই-ফাই (WiFi) ৰ সংযোগ নিশ্চিত কৰা হ’ব ৷"

এ.আই.টিচি (AITC) য়ে পৰিস্কাৰ, পৰিচ্ছন্নতা আৰু মহিলা সুৰক্ষাক অগ্ৰাধিকাৰ দি প্ৰতিটো ৱাৰ্ডত (ward) 2টা স্মাৰ্ট বায়’টয়লেট (smart bio toilet) স্থাপনৰ কৰাৰ কথা তেওঁ কয় ৷ অত্যাৱশ্যকীয় সুবিধা যেনে এ টি এম (ATM), খোৱা পানী, চ’লাৰ পেনেল (solar panel), বৈদ্যুতিক শ্মশান (electric fuernaces in crematorium), এ চি বাছ ষ্টেণ্ড নিৰ্মাণ কৰাৰ লগতে আগৰতলাৰ সৰ্ববৃহৎ শ্মশানটো পুনৰ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

আগৰতলাত প্ৰতি 300 মিটাৰ দূৰত্বত ষ্ট্ৰীট লাইট থাকিব আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে 700 অতিৰিক্ত চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব ৷ এ আই টি চি (AITC) য়ে 'পিংক অটো/টেক্সি' মুকলি কৰিব য’ত যাত্ৰী সকলৰ লগতে চালক সকলো মহিলা হ’ব ৷ ৰাইজৰ তাৎক্ষণিক সহায় আৰু পেট্ৰ’লিঙৰ বাবে 5 খনকৈ ভান থাকিব ৷ বৰ্তমানৰ নলা-নৰ্দমা সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰা হ’ব ৷ আগৰতলাত মেনুৱেল স্কেভেঞ্জিং প্ৰতিহত কৰিবলৈ 30 টা নৰ্দমা জেটিং মেচিন স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

সংবাদমেলত উপস্থিত থকা এ আই টি চিৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে কয়, "আন দলৰ বিপৰীতে এ আই টি চিয়ে ইয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব ৷ ত্ৰিপুৰাৰ উন্নয়ন ৰক্ষাৰ বাবে আমি এক সূক্ষ্ম দৃষ্টিৰে কাম-কাজ অনুসৰণ কৰিম ৷ যদিও আগৰতলা এখন তথাকথিত 'স্মাৰ্ট চিটি' (smart city), CCTV কেমেৰা খুব কমেই দেখিবলৈ পোৱা যায় ৷ আগৰতলাৰ মানুহে পশ্চিম বংগৰ দৰে একে ধৰণৰ বিকাশ বিচাৰে ৷ এই ইস্তাহাৰখন ৰাজহুৱা জৰীপ আৰু মতামতৰ ওপৰত আধাৰিত" ৷ তেওঁলোকৰ উপৰিও দলৰ নেতা অৰ্পিতা ঘোষ, ইন্দ্ৰনীল সেন, মনোজ তিৱাৰী, সোহম চক্ৰৱৰ্তী, জুন মালিয়াহ, সুবল ভৌমী আৰু বাপতু চক্ৰৱৰ্তীও উপস্থিত আছিল ৷

লগতে চাওক :ডিচেম্বৰৰ শেষৰ ভাগত চানমাৰিত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

ABOUT THE AUTHOR

...view details