আগৰতলা, ২২ ছেপ্টেম্বৰ :হঠাৎ অসুস্থ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) ৰাষ্ট্ৰীয় মুখপাত্ৰ কুনাল ঘোষ । আগৰতলাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত ত্ৰিপুৰা আৰক্ষীয়ে সোধা-পোছা কৰাৰ সময়তে অসুস্থ হৈ পৰে নেতাগৰাকী । উন্নত চিকিৎসাৰ বাবে নেতাগৰাকীক আগৰতলাৰ আইএলএছ চিকিৎসালয় (ILS Hospital) লৈ প্ৰেৰণ কৰা হৈছে ।
খোৱাই আৰক্ষীয়ে ৬ গৰাকী টিএমচি নেতাক এক গোচৰ সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছিল । তেওঁলোকক থানাত হাজিৰ হ'বলৈ কোৱা হৈছিল । তাৰ ভিতৰত কুনাল ঘোষ (Kunal Ghosh) অন্যতম । তেওঁৰ বিৰুদ্ধে আৰম্ভ হোৱা আইনী প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈ তেওঁ সোমবাৰে নিশা আগৰতলাত উপস্থিত হৈছিল ।
দীঘলীয়া পথ অতিক্ৰম কৰি খোৱাইলৈ যোৱাৰ পৰিৱৰ্তে তেওঁক নিউ কেপিটেল কমপ্লেক্স আৰক্ষী চকীত হাজিৰ হ'বলৈ কোৱা হৈছিল । কুনাল ঘোষ আৰক্ষীৰ সন্মুখত হাজিৰ হয় আৰু তাৰ পাছতে জেৰা আৰম্ভ হয় । কিন্তু জেৰাৰ মাজতে অসুস্থ হৈ পৰে নেতাগৰাকী ।