অসম

assam

By

Published : Aug 8, 2021, 8:57 PM IST

ETV Bharat / bharat

ত্ৰিপুৰাত TMC ৰ দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ নস্যাৎ বিজেপিৰ

শনিবাৰে ত্ৰিপুৰাত তৃণমূল কংগ্ৰছেৰ বাহনৰ ওপৰত আক্ৰমণ চলায় দুৰ্বৃত্তই ৷ তৃণমূল কংগ্ৰছে বিজেপিৰ নিৰ্দেশত এই আক্ৰমণ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে যদিও এই অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে বিজেপিৰ নেতৃত্বই ৷

Trinamool claims attack on partymen in Tripura, BJP denies
ত্ৰিপুৰাত TMCৰ দলীয় কৰ্মীক আক্ৰমণ, অভিযোগ নাকচ বিজেপিৰ

নেশ্যনেল ডেস্ক, 8 আগষ্ট : শনিবাৰে উত্তৰ ত্ৰিপুৰা অভিমুখে গৈ থকা অৱস্থাতে আম্বাচাত তৃণমূল কংগ্ৰেছৰ এটা দলৰ ওপৰত আক্ৰমণ চলাইছিল দুৰ্বৃত্তই ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল দলটোৰ প্ৰায় 7 গৰাকীকৈ কৰ্মী ৷ এই সন্দৰ্ভত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ লগতে মুখ্য মুখপাত্ৰ কুনাল ঘোষে কেইবাটাও টুইট কৰে ৷

আক্ৰমণকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীও উত্থাপন কৰিছে তৃণমূল নেতৃত্বই ৷ কিন্তু এই অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে বিজেপি নেতৃত্বই ৷ গেৰুৱা বাহিনীয়ে মন্তব্য কৰি কয়, পশ্চিম বংগৰ শাসকীয় দলটোৱে ৰাজনৈতিক হিংসাৰ ভাইৰাছ ত্ৰিপুৰাতো বিয়পোৱাৰ চেষ্টা কৰিছে ৷

বিজেপিৰ মুখপাত্ৰ নবেন্দু ভট্টাচাৰ্যই কয়, পশ্চিম বংগত নিৰ্বাচনৰ পিছত বিজেপিৰ কৰ্মীৰ ওপৰত তৃণমূল কংগ্ৰেছে চলোৱা আক্ৰমণৰ ফলত 500 গৰাকীতকৈয়ো অধিক বিজেপিৰ দলীয় কৰ্মীয়ে ত্ৰিপুৰাত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰ উপৰিও অসমতো প্ৰায় 100 গৰাকীতকৈ অধিক দলটোৰ কৰ্মীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷

ধৰ্মনগৰ আৰু আম্বাচা দুয়ো ঠাইতে সংঘটিত আক্ৰমণৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷

উল্লেখ্য যে, অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথত তৃণমূল কংগ্ৰেছৰ ওপৰত আক্ৰমণ চলাইছিল দুৰ্বৃত্তই ৷ এই আক্ৰমণৰ ফলত তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ ৰাহা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আক্ৰমণৰ পিছতে হিংসাত্মক আক্ৰমণৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ ভাইৰেল হৈ পৰা ভিডিঅ'ত দুৰ্বৃত্তই গাড়ীৰ গ্লাচবোৰ ভাঙি থকাৰ লগতে আৰু টিএমচি নেতা দেবাংশু ভট্টাচাৰ্যই চিঞৰি থকা দেখা গৈছিল ।

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ দেবাংশু ভট্টাচাৰ্যই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা দেখা গৈছিল ৷ এই আক্ৰমণৰ আঁৰত বিজেপি কৰ্মীৰ হাত থকা বুলি অভিযোগ তুলি তৃণমূল কংগ্ৰেছৰ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

এই আক্ৰমণক লৈ TMC ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে টুইটযোগে কয়, "ত্ৰিপুৰা বিজেপিৰ কৰ্মকৰ্তাই তেওঁলোকৰ প্ৰকৃত স্বৰূপ দেখুৱাই দিলে ৷ এই নৃশংস ঘটনাই পুনৰবাৰ ত্ৰিপুৰাত বিপ্লৱ দেৱ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ গুণ্ডাৰাজৰ ছবিখন উদঙাই দিলে ৷ আপোনাৰ আক্ৰমণ আৰু ভীতি প্ৰদৰ্শনে কেৱল আপোনাৰ অমানবীয়তাক প্ৰমাণ কৰিছে ৷ আপুনি যি বিচাৰে সেয়া কৰক কিন্তু তৃণমূলে নিজৰ স্থানৰ পৰা এক ইঞ্চিও আঁতৰি নাহে ৷"

আনহাতে, TMCৰ মুখপাত্ৰ কুনাল ঘোষে কয়, "আক্ৰমণকাৰী সকলক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আৰক্ষীয়ে আমাৰ দলৰ কেইবাগৰাকীয়ো নেতাক শনিবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছে ৷ আমি ৰাজ্যপালক সাক্ষাৎ কৰি অতিশীঘ্ৰে এই কাৰ্যত জড়িত বিজেপিৰ কৰ্মীসকলক গ্ৰেপ্তাৰৰ দাবী জনাম ৷ বিজেপি চৰকাৰৰ জংঘল ৰাজক সহ্য নকৰে তৃণমূল কংগ্ৰেছে ৷ "

সামন্তৰালকৈ, এই ঘটনাৰ তীব্ৰ নিন্দা কৰে বিৰোধী চি পি আই (এম) দলে ৷ চি পি আইয়ে কয়, যোৱা 2018 চনৰ পৰা ৰাজ্যখনত বিজেপি চৰকাৰৰ অধীনত গণতন্ত্ৰ সম্পূৰ্ণৰূপে শ্বাসৰূদ্ধকৰ হৈ পৰিছে ৷

লগতে পঢ়ক-ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

ABOUT THE AUTHOR

...view details