অসম

assam

By

Published : Jun 19, 2021, 8:27 PM IST

ETV Bharat / bharat

জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ

কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিং আৰু নাই ৷ কৰ’ণাৰে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে Flying Sikh মিলখা সিঙে ৷ 91 বছৰ বয়সত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে দৌৰবিদ গৰাকীয়ে ৷

জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ
জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ

নিউজ ডেস্ক,19 জুন :Flying Sikh মিলখা সিং আৰু নাই ৷ বিগত এটা মাহ ধৰি কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিলে Flying Sikh খ্যাত মিলখা সিঙে ৷ নিজৰ বিজুলীৰ গতিৰ চমকৰ দ্বাৰা এক দশকতকৈও অধিক সময় ধৰি ট্ৰেক এণ্ড ফিল্ডত আধিপত্য বিস্তাৰ কৰা আটাইতকৈ বিখ্যাত ভাৰতীয় খেলুৱৈ হিচাপে নিজৰ চিনাকি দাঙি ধৰিছিল মিলখা সিঙে ৷

ভাৰতবৰ্ষৰ দৰে এখন দেশ য’ত এথলেটিকছে অতি সামান্য গুৰুত্ব লাভ কৰিছিল, তেনে পৰিস্থিতিত মিলখা সিঙে এক নতুন দিগন্তৰ সূচনা কৰিছিল ৷ বহুতো বাধা প্ৰত্যাহ্বান আৰু স্বত্বেও মিলখাই ভাৰতীয় ক্ৰীড়াত সফলতাৰে এক সুকীয়া স্থান দখন কৰিবলৈ সক্ষম হৈছিল । ১৯২৯ চনৰ ২০ নৱেম্বৰত পাকিস্তানৰ গোবিন্দপুৰাৰ এটা শিখ পৰিয়ালত জন্ম গ্ৰহণ কৰা মিলখা সিঙৰ দৌৰৰ সৈতে সম্পৰ্ক অতি দুৰ্ভাগ্যজনকভাৱে আৰম্ভ হৈছিল । গোষ্ঠীগত নিষ্কাশনত আৱদ্ধ হৈ পৰা এইগৰাকী কিংবদন্তীয়ে এজন অশ্বাৰোহী তৰোৱাল চালকৰ পৰা জীৱন বচাই প্ৰাণৰ মমতাত দৌৰিবলগা হৈছিল ৷

জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ

এটা ঘোঁৰাৰ সমুখত দৌৰি সেইদিনা শিশু মিলখাই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত স্বাভাৱিকভাৱে মিলখাই দৌৰবিদ্যা আহৰণ কৰিছিল । হত্যাকাৰীৰ পৰা জীৱন বচাবলৈ আৰম্ভ কৰা এটা খেল পিছলৈ তেওঁৰ জীৱনৰ বাবে অনুপ্ৰেৰণা আৰু সন্মানৰ সবাতোকৈ ডাঙৰ উৎস হৈ পৰিল ।

পাকিস্তানত থকা তেওঁৰ ‘ঘৰ’ৰ পৰা পলায়ন কৰি ভাৰতৰ আশ্ৰয় শিবিৰত থাকিবলৈ লোৱাৰ পিছত বহুতো দুষ্কাৰ্যৰ সৈতে জড়িত হৈ পৰিছিল মিলখা । কিন্তু যেতিয়া এই তেজাল যুৱকজনে ভাৰতীয় সেনা(Indian army)ত নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰে তেওঁৰ জীৱনে উন্নতিৰ পথত এক ইউ টাৰ্ণ লৈছিল । ছেকেন্দ্ৰাবাদ কেণ্টনমেণ্ট ট্ৰেকত দৌৰি থকা অৱস্থাত তেওঁ নিজকে এজন দৌৰবিদ হিচাপে সাজু কৰি তোলে ৷ পৰৱৰ্তী সময়ত মিলখা সিঙে আৰু পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন হোৱা নাছিল ।

ভাৰতীয় সেনাবাহিনীৰ অনুশাসন আৰু আহাৰ গ্ৰহণ, কঠোৰ প্ৰশিক্ষণে তেওঁক তীক্ষ্ণ আৰু সুস্থ কৰি তুলিছিল ৷ সোনকালেই তেওঁ ফাৰ্ষ্টক্লাছ প্ৰতিযোগিতাসমূহত এটাৰ পিছত এটা পদক দখল কৰি একক ক্ৰীড়াৰ দিশত নিজকে ভাৰতৰ আটাইতকৈ প্ৰখ্যাত তাৰকা হিচাপে প্ৰতিষ্ঠা কৰিছিল ৷ ১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত, 'দ্য ফ্লাইং বাৰ্ড অফ এছিয়া’ৰূপে জনাজাত ১০০ মিটাৰত দুবাৰ এছিয়াডৰ স্বৰ্ণ পদক বিজয়ী আব্দুল খালিকক পৰাস্ত কৰাৰ পিছতেই মিলখাই তদানীন্তন পাকিস্তানৰ সেনাধ্যক্ষ আয়ুব খানৰ পৰা 'ফ্লাইং শিখ’ নাম অৰ্জন কৰিছিল ।

ৰোম গেমছত 400 মিটাৰৰ দৌৰত মিলখাই অলিম্পিক পদক লাভ কৰাৰ পৰা মাত্ৰ এখোপ দূৰত অৱস্থান কৰিছিল ৷ তেওঁৰ প্ৰতিদ্বন্দ্বীসকল তেওঁৰ পৰা পিছ পৰি থকাৰ সময়ত আধা পথ অতিক্ৰম কৰি আগবাঢ়ি আছিল ৷ অৱশ্যে সেই সময়ত কিছু সহজ হোৱাৰ বাবে তেওঁ লোৱা সিদ্ধান্তৰ বাবেই আনসকলে তেওঁক অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল ৷ সেয়ে বহু আকাংক্ষিত অলিম্পিকৰ স্বৰ্ণ পদক লাভৰ দৌৰত মিলখাই চতুৰ্থ স্থানতে সন্তুষ্ট হ’বলগীয়া হৈছিল ৷

এনেদৰেই এটা সোণালী সুযোগ ধ্বংস হোৱাৰ পিছত মিলখা বা তেওঁৰ উত্তৰাধিকাৰীসকলে আজি পৰ্যন্ত দুনাই কেতিয়াও সেই সুযোগ লাভ কৰিব নোৱাৰিলে । অৱশ্যে ট্ৰেক এণ্ড ফিল্ডত তেওঁ লাভ কৰা চতুৰ্থ স্থান আজিও অলিম্পিকত ভাৰতৰ বাবে শ্ৰেষ্ঠতম স্থান । দৌৰবিদগৰাকীৰ মৃত্যুত ক্ৰীড়াপ্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰে ৷

লগতে পঢ়ক:‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ABOUT THE AUTHOR

...view details