নিউজ ডেস্ক, 29 মে’:ৰাজস্থানৰ ঝুনঝুন জিলাত শোকাৱহ পথ দুৰ্ঘটনা (Road Mishap in Rajasthan) ৷ সোমবাৰে ঝুনঝুন জিলাৰ এটা খাৱৈত এখন ট্ৰেক্টৰৰ ট্ৰ’লী বাগৰি পৰাত 9 গৰাকী লোকৰ মৃত্যু হয় ৷ আনহাতে 22 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে (9 devotees died on spot) ৷
ঘটনাৰ বিৱৰণ অনুসৰি সোমবাৰে ঝুনঝুনুৰ উদয়পুৰৱতী অঞ্চলৰ মনসা দেৱীৰ মন্দিৰত মূৰ্তি স্থাপন আৰু আৰু খাদ্য বিতৰণৰ এক কাৰ্যসূচী আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠানত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকে অংশগ্ৰহণ কৰিছিল ৷
মনসা দেৱী আশিস লৈ এখন ট্ৰেক্টৰৰ ট্ৰলীত গাঁৱৰ ভালেসংখ্যক লোকে বিয়লি ঘৰ অভিমুখে আহি আছিল ৷ তেনেকুৱাতে পাহাৰৰ ওপৰৰ পথৰ পৰা ট্ৰেক্টৰৰ ট্ৰলীখন বাগৰি খাৱৈত পৰে ৷ লগে লগে এই ঘটনা স্থানীয় লোকে পৰিলক্ষিত কৰি ঘটনাস্থলীত উপস্থিত হৈ লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷ এই ঘটনাত থিতাতে 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 22 গৰাকী লোক আহত হৈছে (22 injured in road accident)৷ আহতসকলৰ কিছু লোকৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে ।