আগৰতলা,২৩ মাৰ্চ :অহা ২ এপ্ৰিলত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (TPCC to hold protest on April 2)। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছ দলটোৱে । মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (Press conference of TPCC)। সংবাদমেলত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাই কয় যে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সম্পৰ্কে কংগ্ৰেছ দলে এক বৈঠক অনুষ্ঠিত কৰিছে আৰু এই প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
নেতাগৰাকীয়ে অভিযোগ কৰা মতে ৰাজনৈতিক উদ্দেশ্যৰ বাবে কংগ্ৰেছ কৰ্মী তথা নেতাসকলক বিভিন্ন স্থানত অভিযুক্ত সজোৱা হৈছে । যোৱা ২৬ ফেব্ৰুৱাৰীত আগৰতলাত বিজেপিৰ দুৰ্বৃত্তই কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলক আক্ৰমণ কৰিছিল (Congress worker attacked in Tripura)। সেই সম্পৰ্কেও বৈঠকত আলোচনা কৰা হৈছে ।
কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে আৰক্ষীক ব্যৱহাৰ কৰি আছে । এই ক্ষেত্ৰত আৰক্ষীও নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে । সেয়ে ২ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কৰিব কংগ্ৰেছ দলে (Tripura Congress to protest in front of DGP office)। এই প্ৰতিবাদত উপস্থিত থাকিবলৈ সকলো কংগ্ৰেছ কৰ্মী তথা নেতাসকলক আহ্বান জনোৱা হৈছে ।