অসম

assam

By

Published : Sep 10, 2021, 11:53 AM IST

ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপিয়েও চিপিআইএমৰ দৰে হিংসাৰ পথেৰে আগবাঢ়িছে !

ত্ৰিপুৰাত বিজেপি-চিপিআইএমৰ সংঘৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পীযুষ বিশ্বাসৰ । বৃহস্পতিবাৰে তেওঁ কয় যে, চিপিআইএমৰ দৰে শাসকীয় দল বিজেপিয়েও হিংসাৰ পন্থা অনুসৰণ কৰিছে । ভোটৰ স্বাৰ্থত বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ ৰাইজক মিছা প্ৰতিশ্ৰুতি দিছিল বুলিও তেওঁ সমালোচনা কৰে ।

TPCC president reaction on BJP, CPIM Conflict
ত্ৰিপুৰাত বিজেপি চিপিআইএমৰ সংঘৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ সভাপতিৰ

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ: "শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী(BJP)য়ে চিপিআইএম(CPIM)ৰ দৰে হিংসাত্মক ৰাজনীতিৰ একে পথত আগবাঢ়িছে । কেৱল চিপিআইএমৰ অপশাসনত ৰাজ্যবাসী অতিষ্ঠ হোৱাৰ বাবে ত্ৰিপুৰাত বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ পাইছে । ভোটৰ স্বাৰ্থত বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ ৰাইজক মিছা প্ৰতিশ্ৰুতি দি ভোট লাভ কৰাত সফল হৈছিল । কিন্তু, মাত্ৰ তিনি বছৰ ৬ মাহৰ ভিতৰত ত্ৰিপুৰাৰ জনতাই তেওঁলোকৰ ভুল উপলব্ধি কৰিছে" ।

এই মন্তব্য ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পীযুষ বিশ্বাস(Pijush Biswas)ৰ । বৃহস্পতিবাৰে আগৰতলাস্থিত দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বিশ্বাসে এইদৰে শাসকীয় দলটোক সমালোচনা কৰে । তেওঁ কয় যে, ত্ৰিপুৰাত চিপিআইএম দলে ৰাজনৈতিক হিংসাৰ কলা আয়ত্ব কৰিছিল আৰু ৰাজ্যখনত অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল । অগণন লোক, জনপ্ৰতিনিধি আৰু নেতাক হত্যা কৰা হৈছিল উক্ত সময়চোৱাত ।

তেওঁ লগতে কয় যে, চিপিআইএমৰ অপৰাধৰ গোটেই বৰ্ণনা এটা নিশাতে সম্পূৰ্ণ কৰিব নোৱাৰি ।

কিন্তু বিজেপিয়েও এতিয়া একে সংস্কৃতি গ্ৰহণ কৰিছে । ৰাজ্যখনৰ কেইবাটাও স্থানত চিপিআইএম আৰু বিজেপিৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষক লৈ তেওঁ এনেদৰে বিজেপিক সমালোচনা কৰে । লগতে এনে হিংসাত্মক ঘটনাক তেওঁ গৰিহণা দিয়ে ।

যোৱা কেইদিনমান ধৰি শাসক আৰু বিৰোধী দলৰ এনে হিংসাত্মক সংঘৰ্ষৰ মুখামুখি হোৱাৰ ভয়ত বহু লোকে ঘৰৰ পৰা ওলাবলৈ শংকিত হৈ পৰিছে । ক'ৰবাত চিপিআইএমে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে, আন ক'ৰবাত বিজেপিয়ে বিজেপিয়ে সংঘৰ্ষত লিপ্ত হৈছে । পীযুষ বিশ্বাসে কয় যে, এনে ঘটনাৰ বাবে সাধাৰণ ৰাইজ সমস্যাত পৰিছে ।

লগতে পঢ়ক:অসমৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ জগদীশ মুখীৰ

ABOUT THE AUTHOR

...view details