অসম

assam

ETV Bharat / bharat

Foods for Migraine: মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিব বিচাৰিছে নেকি ? গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য - আলমণ্ড

যদি আপুনি অধিক টেনচন লয় আৰু সদায় এটা কথা ভাবি থাকে, তেন্তে আপোনাৰ উচ্চ ৰক্তচাপ আৰু মাইগ্ৰেইনৰ সমস্যাও হ’ব পাৰে । স্বাস্থ্য বিশেষজ্ঞৰ মতে, টেনচনৰ উপৰিও মাইগ্ৰেইন ঠাণ্ডা, ভাগৰ, মদ্যপান আৰু শৰীৰত তেজৰ অভাৱৰ বাবেও হ’ব পাৰে । এনে পৰিস্থিতিত যদি আপোনাৰো মাইগ্ৰেইন আছে, তেন্তে আপোনাৰ খাদ্য তালিকাত এইকেইবিধ খাদ্যসমাগ্ৰী অন্তৰ্ভুক্ত কৰি এই বিষৰ পৰা সকাহ পাব পাৰে ৷

To overcome the problem of migraine definitely include these 5 things in the diet
মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিব বিচাৰিছে নেকি ? গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য সমাগ্ৰী

By

Published : Feb 25, 2023, 9:34 PM IST

অত্যধিক মানসিক চাপ গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপ আৰু মাইগ্ৰেইনৰ সমস্যা হয় । মাইগ্ৰেইন হ’লে কেতিয়াবা মূৰত সামান্য বিষ হয়, আৰু কেতিয়াবা তীব্ৰ বিষ হয় । এই বিষ কেতিয়াবা অসহ্যকৰ হৈ পৰে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে মাইগ্ৰেইনৰ সমস্যা ঠাণ্ডা, মানসিক চাপ, স্নায়ুত উত্তেজনা, ভাগৰ, কোষ্ঠকাঠিন্য, মদ্যপান, ৰক্তহীনতা আদিৰ বাবেই দেখা দিয়ে । যদি আপুনিও মাইগ্ৰেইন ৰোগী আৰু এই সমস্যাৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ৫টা বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো খুবেই প্ৰয়োজনীয়(Foods for Migraine)৷

ডাৰ্ক চকলেট খাব

মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিবলৈ ডাৰ্ক চকলেট খাব পাৰে(What drinks help migraines?)। ইয়াত মেগনেছিয়াম থাকে, যিয়ে হৰম’নৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাত সহায় কৰে (Which fruit is best for migraine?)। যদি নিয়মীয়াকৈ মূৰৰ বিষৰ সমস্যা হয়, তেন্তে নিশ্চিতভাৱে ডাৰ্ক চকলেট খাব(what food causes migraines in females)।

কল খাব

কল সেৱন কৰিলে শৰীৰত তৎক্ষণাত শক্তি সঞ্চাৰিত হয় । ইয়াত পটাছিয়াম আৰু মেগনেছিয়াম পোৱা যায় । পটাছিয়াম সমৃদ্ধ খাদ্য খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে । একে সময়তে মেগনেছিয়াম সমৃদ্ধ খাদ্য খালে তেজৰ চেনি আৰু মাইগ্ৰেইন নিয়ন্ত্ৰণত সহায় কৰে । ইয়াৰ বাবে মাইগ্ৰেইনৰ সমস্যা হ’লে কল খাব পাৰি। ইচ্ছা কৰিলে দৈনিক খাদ্যত কল অন্তৰ্ভুক্ত কৰিব পাৰে(What foods help migraines go away?)।

সাগৰীয় খাদ্য খাওক

যদি আপুনি মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে খাদ্যত সাগৰীয় খাদ্য অন্তৰ্ভুক্ত কৰক । ইয়াৰ বাবে সপ্তাহত দুবাৰকৈ টুনা, ছালমন মাছকে ধৰি সাগৰীয় খাদ্য খাব লাগে(What helps a migraine fast?)। ইয়াত ওমেগা-৩ ফেটি এচিড আৰু প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যিবোৰ মাইগ্ৰেইনত সহায়ক বুলি প্ৰমাণিত হয় ।

আলমণ্ড খাব

মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিবলৈ দৈনিক আলমণ্ড খাব লাগে । ইয়াৰ ফলত স্মৃতিশক্তিৰ শক্তি বৃদ্ধি পায় । একে সময়তে মন চোকা হৈ পৰে । ইয়াত মেগনেছিয়াম পোৱা যায় । ইয়াৰ ফলত মানসিক চাপ কমি যায় । ইয়াৰ বাবে মাইগ্ৰেইন ৰোগীক আলমণ্ড খাবলৈ পৰামৰ্শ দিয়া হৈছে ।

আমলখিৰ ৰস পান কৰক

মাইগ্ৰেইনৰ সমস্যা দূৰ কৰিবলৈ আপুনিও আমলাৰ ৰস সেৱন কৰিব পাৰে । ইয়াত সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ মাইগ্ৰেইনত উপকাৰী । ইয়াৰ বাবে মাইগ্ৰেইন ৰোগীয়ে আমলা বা এলোভেৰাৰ ৰস সেৱন কৰিব লাগিব ।

লগতে পঢ়ক:Men and Depression: পুৰুষৰ ক্ষেত্ৰত ডিপ্ৰেচনৰ এই লক্ষণসমূহ দেখা দিলে জীৱনশৈলীত আনক এই ৫ টা পৰিবৰ্তন

ABOUT THE AUTHOR

...view details