অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূলে - অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ

ত্ৰিপুৰাত দলৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূল কংগ্ৰেছে ৷ ক্ষমতাচ্যুত হোৱাৰ পাচত বিগত তিনি বছৰত বাঁওপন্থীয়ে সবল বিৰোধীৰ ভূমিকা ল'ব পৰা নাই বুলি মন্তব্য পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বাসুৰ ৷ চিপিআইএম কৰ্মীসকলক বংগত কৰা ঐতিহাসিক ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান বাসুৰ ৷ বাঁওপন্থীসকলক তৃণমূললৈ আহিবলৈ আহ্বান জনালে বাসুৱে ৷

tmc seeks lefts support in tripura
ত্ৰিপুৰাত বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূলে

By

Published : Aug 15, 2021, 2:04 PM IST

আগৰতলা, 15 আগষ্ট : শত্ৰু বন্ধুত পৰিণত হোৱাৰ এক উদাহৰণ দাঙি ধৰি শনিবাৰে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ(All India Trinamool Congress)ৰ নেতাসকলে ত্ৰিপুৰাত দলৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে চিপিআইএম কেডাৰ(CPIM cadres)ৰ সমৰ্থন বিচৰা পৰিলক্ষিত হয় ৷

ত্ৰিপুৰাত এখন সংবাদমেল সম্বোধন কৰি পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বাসুৱে কয় যে, বিৰোধী নেতা হিচাপে যুঁজ দিয়াৰ ক্ষেত্ৰত মমতা বেনাৰ্জীৰ দীৰ্ঘদিনীয়া ইতিহাস আছে ৷ অগণন কাৰণত বেনাৰ্জীয়ে বংগৰ লোকসকলৰ স্বাৰ্থত সন্মুখৰ পৰা এনেধৰণৰ নেতৃত্ব দিছে ৷

নন্দীগ্ৰামেই হওক বা শিংগুৰেই হওক মমতা বেনাৰ্জীয়ে সদায়েই নেতৃত্ব দিছিল বুলি উল্লেখ কৰে ৷ কিন্তু ত্ৰিপুৰাত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পাচত তিনিবছৰত বাঁওপন্থীসকলে তেওঁলোকৰ উপস্থিতি প্ৰমাণ কৰাত ব্যৰ্থ হৈছে ৷ বাঁওপন্থীসকলে বংগত কৰা ঐতিহাসিক ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ চিপিআইএম কৰ্মীসকলক অনুৰোধ জনাই তেওঁ কয় যে, বাঁওপন্থী নেতসকলে যদি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে তেওঁলোকৰ সমৰ্থকসকলক তৃণমূললৈ প্ৰেৰণ কৰা উচিত ৷ মমতা বেনাৰ্জীৰ দলে সকলোৰে যত্ন ল'ব বুলিও তেওঁ আশ্বাস দিয়ে ৷

পৰিৱৰ্তনৰ বাবে তেওঁৰ দলৰ আহ্বানৰ কথা বাৰে বাৰে উনুকিয়াই ত্ৰিপুৰাৰ ৰাইজে ৰাজ্যখনত পৰিৱৰ্তন বিচাৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ কয়, "ত্ৰিপুৰাৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বিজেপি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ত্ৰিপুৰাৰ ৰাইজে কেনেকৈ আশ্ৰয় বিচাৰিছে সেয়া আমি প্ৰত্যক্ষ কৰিছো" ৷

ইফালে নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তৃণমূল কংগ্ৰেছৰ মহিলা নেত্ৰী কাকলি ঘোষ দস্তিদাৰে কয়, "বংগত এনেধৰণৰ এটাও ঘটনা সংঘটিত হোৱা নাই ৷ প্ৰকৃতাৰ্থত বিজেপিৰ পৃষ্ঠপোষকতাত এটা ভুৱা বাতৰি কাৰখানা আছে ৷ ই প্ৰায় 700 লোকৰ দ্বাৰা পৰিচালিত আৰু তেওঁলোকেই ভুৱা বাতৰিসমূহ সৃষ্টি কৰে" ৷

লগতে পঢ়ক:2023ত ত্ৰিপুৰাত 2021ৰ পশ্চিমবংগ নিৰ্বাচনৰ পুনৰাবৃত্তি হ'ব: ব্ৰাত্য বাসু

ABOUT THE AUTHOR

...view details