অসম

assam

ETV Bharat / bharat

বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে : অভিষেক বেনাৰ্জী

ত্ৰিপুৰাত বিপ্লৱ দেৱৰ নেতৃত্বত বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ তথা দলটোৰ ছেকেণ্ড ইন কমাণ্ড(second in command) অভিষেক বেনাৰ্জীৰ ৷ তৃণমূলৰ 14 গৰাকীকৈ নেতাক গ্ৰেপ্তাৰৰ পাচতে এই মন্তব্য বেনাৰ্জীৰ ৷ তৃণমূলৰ নেতাৰ ওপৰত সংঘটিত আক্ৰমণক লৈ ইতিমধ্যে সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছ ৷ ইফালে সমগ্ৰ অভিযোগ নস্যাৎ কৰি এয়া ত্ৰিপুৰাৰ উন্নতি নিবিচৰা একাংশৰ ষড়যন্ত্ৰ বুলি অভিযোগ বিপ্লৱ কুমাৰ দেৱৰ ৷

By

Published : Aug 9, 2021, 8:15 AM IST

tripura witnesses high drama
বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে: অভিষেক বেনাৰ্জী

আগৰতলা, 9 আগষ্ট : এসময়ত বাঁওমৰ্চাৰ শক্তিশালী দুৰ্গ হিচাপে বিবেচিত ত্ৰিপুৰাৰ খোৱাইত (Tripura's Khowai) দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ দেওবাৰে পুৱাৰ ভাগত কেইবাটাও জামিনযোগ্য আৰু জামিনবিহীন ধাৰাৰ অধীনত প্ৰায় 14 গৰাকী তৃণমূলৰ নেতাক গ্ৰেপ্তাৰ কৰা হয় ৷ তৃণমূল আৰু বিজেপি উভয়েই ৰাজ্যখনত নিজৰ খোপনি সুদৃঢ় কৰাৰ বাবে কুচ-কাৱাজ আৰম্ভ কৰাৰ মাজতে দেওবাৰে সংঘটিত এই ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অৱশ্যে পাচত 50,000 personal bond ৰ চৰ্ত সাপেক্ষে স্থানীয় আদালতৰ পৰা এই নেতাসকলে জামিন লাভ কৰে ৷

তৃণমূলৰ নেতাকেইগৰাকীক গ্ৰেপ্তাৰৰ লগে লগে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা দলটোৰ ছেকেণ্ড ইন কমাণ্ড(second in command) অভিষেক বেনাৰ্জী ত্ৰিপুৰাত উপস্থিত হয় আৰু দলৰ নেতাসকলক মুকলি কৰাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে ৷ ব্ৰত্য বসু, দোলা সেন, কুনাল ঘোষকে ধৰি তৃণমূলৰ আন বহুকেইগৰাকী হেভিৱেট নেতাই বেনাৰ্জীক সংগ দিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

যোৱা শনিবাৰে ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত আম্বাছাত(Ambassa) তৃণমূল নেতাৰ এটা দলৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ পাচতে দুয়োটা দলৰ মাজৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ ইয়াৰ পাচতে দুয়োটা দলৰ মাজত সংঘটিত আক্ৰমণত তৃণমূলৰ সুদীপ ৰাহা নামৰ এজন নেতা যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

জানিব পৰা মতে, একাংশ আক্ৰমণকাৰীয়ে বহুকেইখন গাড়ী লণ্ড-ভণ্ড কৰি খোৱাইত উপস্থিত হয় ৷ আইন-শৃংখলাৰ অৱনতিৰ কথা উল্লেখ কৰি স্থানীয় আৰক্ষীয়ে তেওঁলোকক খোৱাই পাৰ হোৱাত বাধা প্ৰদান কৰে ৷ পাচত তেওঁলোকক নিশাটোৰ বাবে খোৱাইতে থাকিবলৈ পৰামৰ্শ দিয়া হয় যদিও হঠাৎ দেবাংশু ভট্টাচাৰ্যকে ধৰি 14 গৰাকী নেতাক ক'ভিড নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া টুইটযোগে বেনাৰ্জীয়ে ত্ৰিপুৰা ভ্ৰমণৰ কথা ঘোষণা কৰে যদিও এই ঘটনা সংঘটিত হোৱাৰ পাচতে ততাতৈয়াকৈ খোৱাইত উপস্থিত হয় ৷ দলৰ জ্যেষ্ঠ সদস্যসকলৰ লগতে উকীলৰ এটা দলৰ সৈতে খোৱাইত উপস্থিত হোৱাৰ লগে লগে তেওঁক ক’লা পতাকা প্ৰদৰ্শন কৰে যদিও থানাত প্ৰৱেশ কৰি তেওঁ ধৰ্ণাত বহে ৷

ইয়াৰ সমান্তৰালকৈ তৃণমূলৰ 14 গৰাকী নেতাকেই আদালতত হাজিৰ কৰোৱা হৈছিল আৰু দুয়োপক্ষৰ যুক্তি শুনাৰ পাচত আবেলিলৈ তেওঁলোকে জামিন লাভ কৰে ৷ ইফালে এই সকলোবোৰৰ মাজতে দীৰ্ঘদিন ধৰি বিজেপিত জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ থাকি শেহতীয়াকৈ তৃণমূললৈ গতি কৰা সুবল ভৌমিককো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক:ত্ৰিপুৰাত TMC ৰ দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ নস্যাৎ বিজেপিৰ

অভিযোগ অনুসৰি, বিজেপিৰ দুৰ্বৃত্তই তেওঁৰ বাহনখন আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত তেওঁ প্ৰাণ ৰক্ষা পৰে যদিও বাহনখন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ভৌমিকে হাতত আঘাত পোৱা বুলি জানিব পৰা গৈছে ৷ এই পৰিস্থিতিৰ পাচতে বেনাৰ্জীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক পোনপটীয়া প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হয় ৷ এনেধৰণৰ কৌশলেৰে বিজেপিয়ে তৃণমূলক বাধা দিব নোৱাৰে বুলি বেনাৰ্জীয়ে দেৱক প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে ৷

এই ঘটনাৰ পাচত থানাৰ সন্মুখতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বেনাৰ্জীয়ে বিপ্লৱ দেৱৰ নেতৃত্বত বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে বুলি কটাক্ষ কৰে ৷ তেওঁ কয়, "মই প্ৰশাসনক দোষ দিব নিবিচাৰো ৷ তেওঁলোকৰ চৰকাৰী পদবী ধৰি ৰাখিবৰ বাবে ৰাজনৈতিক নেতাসকলৰ(political boss) নিৰ্দেশ মানি চলিবলৈ তেওঁলোক বাধ্য ৷ কিন্তু এই সকলোবোৰ অতি সোনকালে শেষ হ'ব ৷ বিপ্লৱ দেৱৰ বিজেপিয়ে যদি ভয় আৰু ভাবুকিৰে তৃণমূলক বিফল কৰিব পাৰিব বুলি ভাবিছে তেন্তে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰি আছে"৷

ত্ৰিপুৰাৰ বিজেপি চৰকাৰে মানুহৰ আশা পূৰণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱা বুলি দাবী কৰি বেনাৰ্জীয়ে কয় "মানুহে আশা আৰু আকাংক্ষাৰে চিপিআইএমৰ ২৫ বছৰ পুৰণি চৰকাৰক প্ৰত্যাখ্যান কৰি বিজেপিক ভোট দিছিল ৷ কিন্তু, তেওঁলোকৰ প্তি বিজেপি চৰকাৰে বিশেষ একো কৰা নাই ৷ এই অৱস্থাত আপুনি যলৈকে চকু দিব তাতেই নৈৰাজ্যবাদী মনোভাৱ দেখিবলৈ পাব ৷ উকীলসকলক আক্ৰমণ কৰা হৈছে, দীৰ্ঘদিন ধৰি বিজেপিত থকা জ্যেষ্ঠ নেতা সুবল ভৌমিকক আক্ৰমণ কৰা হৈছে ৷ এয়া অব্যাহত থাকিব দিব নোৱাৰি" ৷

আৰক্ষীৰ ভূমিকাক লৈও বেনাৰ্জীয়ে প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ কয় যে নিয়মবোৰ সকলোৰে বাবে সমান হ'ব লাগে ৷ উল্লেখ্য যে, আঘাতপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আবেলি চাৰ্টাৰ্ড বিমানযোগে বেনাৰ্জী কলকাতালৈ উন্নত চিকিৎসাৰ বাবে ৰাওনা হয় ৷ তৃণমূলৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তৃণমূলৰ সাংসদসকলে বিষয়টো সংসদত উত্থাপন কৰিব ৷ তৃণমূলৰ সাংসদসকলে গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও জানিব পৰা গৈছে ৷

ইফালে এই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এয়া একাংশৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে ৷ টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া ষড়যন্ত্ৰ বলি দাবী কৰি এক শক্তিয়ে ত্ৰিপুৰাৰ উন্নয়নত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:উগ্ৰপন্থীক এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ বিপ্লৱ দেৱৰ

ABOUT THE AUTHOR

...view details