অসম

assam

ত্ৰিপুৰাত পুনৰ তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

By

Published : Aug 8, 2021, 12:01 PM IST

ত্ৰিপুৰাত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত পুনৰ আক্ৰমণৰ বলী হ'ল তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মী । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত টিএমচি নেতা । আক্ৰমণত বিজেপি কৰ্মী জড়িত থকাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ ।

TMC leaders attacked
পুনৰ ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

নেশ্যনেল ডেস্ক, ৮ আগষ্ট :ত্ৰিপুৰাত পুনৰ উত্তেজনাময় পৰিৱেশ । তৃণমূল কংগ্ৰেছৰ ওপৰত পুনৰ আক্ৰমণ দুৰ্বৃত্তৰ । শনিবাৰে উত্তৰ ত্ৰিপুৰা অভিমুখে গৈ থকা অৱস্থাতে আম্বাচাত তৃণমূল কংগ্ৰেছৰ এটা দলৰ ওপৰত আক্ৰমণ কৰে দুৰ্বৃত্তই । তেওঁলোক গৈ থকা অৱস্থাত বাহনত দুৰ্বৃত্তই শিল আৰু ইটা নিক্ষেপ কৰা বুলি তৃণমূল কংগ্ৰেছৰ দলটোৱে অভিযোগ উত্থাপন কৰিছে ।

অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথতে এই আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণৰ ফলত তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ ৰাহা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আক্ৰমণৰ পিছতে হিংসাত্মক আক্ৰমণৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ ভাইৰেল হৈ পৰা ভিডিঅ'ত দুৰ্বৃত্তই গাড়ীৰ গ্লাচবোৰ ভাঙি থকাৰ লগতে আৰু টিএমচি নেতা দেবাংশু ভট্টাচাৰ্যই চিঞৰি থকা দেখা গৈছিল । তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ভট্টাচাৰ্যই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে আৰু মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা দেখা গৈছিল ৷

পুনৰ ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত আক্ৰমণ

এই আক্ৰমণৰ আঁৰত বিজেপি কৰ্মীৰ হাত থকা বুলি অভিযোগ তুলি তৃণমূল কংগ্ৰেছৰ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । টিএমচিৰ সাংসদ আৰু সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Abhisek Banerjee) দাবী কৰে যে, ৰাজ্যখনত সম্পূৰ্ণ অনিয়মে বিৰাজ কৰিছে আৰু ত্ৰিপুৰাৰ বিজেপি চৰকাৰে আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে । ইফালে, সমগ্ৰ ঘটনাটো ষড়যন্ত্ৰ আৰু মিছা বুলি প্ৰমাণ কৰিবলৈ বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ আৰম্ভ কৰিছে ।

ইয়াৰ পাচতে সুবল ভৌমিকৰ নেতৃত্বত টিএমচি নেতাৰ এটা দলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (Biplab Kumar Deb) কনভয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে নেতাসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইফালে, কিছুদিন পূৰ্বে ত্ৰিপুৰালৈ আহি আক্ৰমণৰ বলি হোৱা তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীয়ে পুনৰ টুইট কৰি কয় যে, ৰাজনৈতিক প্ৰতিশোধৰ সন্মুখীন হোৱা টিএমচি নেতাসকলৰ কাষত থিয় দিবলৈ তেওঁ পুনৰ ত্ৰিপুৰা ভ্ৰমণ কৰিব ।

লগতে পঢ়ক :কুম্ভমেলাত ভুৱা ক’ভিড পৰীক্ষণ সন্দৰ্ভত EDৰ অভিযান

ABOUT THE AUTHOR

...view details