অসম

assam

ETV Bharat / bharat

মমতা বেনাৰ্জীক আক্ৰমণ: নিৰ্বাচনী আয়োগক সাক্ষাৎ - বিজেপি

শাসকীয় তৃণমূল কংগ্ৰেছ (TMC) আৰু বিজেপি বিৰোধীয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত কৰা আক্ৰমণৰ বাবে সাক্ষাৎ কৰে নিৰ্বাচন আয়োগৰ বিষয়াসকলক ৷ বৃহস্পতিবাৰে নান্দীগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হোৱাৰ পাচতেই আক্ৰমণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীক ৷

TMC & BJP reaction inn attack
নিৰ্বাচন আয়োগৰ দুৱাৰদলিত টিএমচি, বিজেপি বিৰোধী

By

Published : Mar 11, 2021, 5:05 PM IST

নেশ্যনেল ডেস্ক,11 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ সময়ত বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণক লৈ পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ প্ৰতিনিধিসকলে বৃহস্পতিবাৰে সাক্ষাৎ কৰে নিৰ্বাচন আয়োগৰ বিষয়াসকলক ৷ এই কথা সদৰী কৰিছে দলীয় নেতৃত্বই ৷

সাংসদ ডেৰেক অ’ব্ৰিয়েন, ৰাজ্যিক মন্ত্ৰী চান্দ্ৰিমা ভট্টাচাৰ্য আৰু পাৰ্থ চেটাৰ্জীৰ সৈতে গঠিত এটি টিএমচিৰ প্ৰতিনিধি দলে ঘটনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ উপস্থিত হয় কলকাতাস্থিত নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত ৷

নিৰ্বাচনী আয়োগৰ বিষয়াসকলক সাক্ষাৎ কৰাৰ পাচত সংবাদ মাধ্যমক সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্ৰিয়েনে কয় যে, "9 মাৰ্চত নিৰ্বাচন আয়োগে ডিজিপি সলনি কৰিছে । 10 মাৰ্চত, এগৰাকী বিজেপি সাংসদে ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত ইংগিত প্ৰেৰণ কৰে আৰু আবেলি 6 বজাত উক্ত ঘটনা সংঘটিত হয় । আমি এই আচৰণক নিন্দা কৰিছো আৰু সত্য পোহৰলৈ অহাতো বিচাৰো" ।

বিৰোধী দলৰ উপ-সভাপতি মুকুল ৰয় আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়াৰ নেতৃত্বত বিজেপি বিৰোধী এটা প্ৰতিনিধি দলেও ঘটনাৰ উচিত তদন্তৰ দাবীৰে নিৰ্বাচন আয়োগৰ বিষয়াক সাক্ষাৎ কৰে ৷

চিকিৎসকে সদৰী কৰা মতে, সম্প্ৰতি মুখ্য়মন্ত্ৰী কলকাতাৰ এছএছকেএম হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ তেওঁ বাঁও ভৰি, কঁকাল, কান্ধ আৰু ডিঙিত আঘাত পোৱা বুলি জানিব পৰা গৈছে ৷

বুধবাৰে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী মমতাই অভিযোগ তুলিছিল যে, নান্দীগ্ৰামত কৰা নিৰ্বাচনী প্ৰচাৰৰ সময়ত 4-5 জন মানুহে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল আৰু তেওঁক ঠেলি দিছিল ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ বাহনৰ খিৰিকীত আঘাত কৰিছিল ৷ ইয়াৰ ফলস্বৰূপে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল ৷

লগতে পঢ়ক :জম্মু-কাশ্মীৰত চিআৰপিএফ জোৱানৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details