অসম

assam

ETV Bharat / bharat

টিটিএএডিচি নিৰ্বাচনঃ জয়ৰ দিশে অগ্ৰগতি টি আই পি আৰ এৰ - ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত পৰিষদ

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ৰ দিশে অগ্ৰগতি প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টি আই পি আৰ এৰ । আই পি এফ টিৰ দুৰ্গত মোক্ষম আঘাত হানি নিজৰ স্থিতি সুনিশ্চিত কৰিবলৈ সাজু টি আই পি আৰ এ । ২৮ খন আসনৰ ভিতৰত ১০ খন আসনত টি আই পি আৰ এ আগবাঢ়ি আছে । আনন্দত আত্মহাৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ টি আই পি আৰ এৰ কৰ্মীসকল ।

আনন্দত আত্মহাৰা ত্ৰিপুৰাৰ ভিন্ন প্ৰান্তৰ টি আই পি আৰ এৰ কৰ্মীসকল
আনন্দত আত্মহাৰা ত্ৰিপুৰাৰ ভিন্ন প্ৰান্তৰ টি আই পি আৰ এৰ কৰ্মীসকল

By

Published : Apr 10, 2021, 6:01 PM IST

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: পূৰ্বে অনুমান কৰা ধৰণে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে । কিয়নো, ভোটগণনাৰ প্ৰাৰম্ভিক পৰ্যায়লৈ লক্ষ্য কৰিলে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টি আই পি আৰ এ ম'থাৰ বিজয় যাত্ৰাৰ ইংগিত দেখা যায় ।

নৱগঠিত টি আই পি আৰ এই ২৮ খন আসনৰ ভিতৰত ১০ খন আসনত টি আই পি আৰ এ আগবাঢ়ি আছে । আনহাতে, বিজেপি-আইপিএফটি মিত্ৰজোঁট দুখন আসনত আগবাঢ়ি আছে । বিৰোধী চি পি আই(এম) এখন আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে ।

আনন্দত আত্মহাৰা ত্ৰিপুৰাৰ ভিন্ন প্ৰান্তৰ টি আই পি আৰ এৰ কৰ্মীসকল

তাকাৰজালা-জামপুইজালা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে আন প্ৰতিদ্বন্দীসকলৰ তুলনাত অগ্ৰগতিৰ ক্ষেত্ৰত অভিলেখ ৰচিছে । উক্ত সমষ্টিটো শাসনাধিষ্ঠিত আই পি এফ টি প্ৰধান তথা ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মাৰ দুৰ্গ বুলি গণ্য কৰা হয় ।

একে ধৰণৰ ছবি জিৰাণিয়া সমষ্টিতো পৰলক্ষিত হয়, য'ত টি আই পি আৰ এৰ মিত্ৰজোঁট সমৰ্থিত আই এন পি টিৰ সাধাৰণ সম্পাদক জগদীশ দেৱবাৰ্মা যথেষ্ট সংখ্যক ভোটত আগবাঢ়ি আছে । এই সমষ্টিটোৰ পৰা চি পি আই এম দলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰাধাচৰণ দেৱবাৰ্মায়ো প্ৰতিদ্বন্দিতা কৰিছে । বিজেপিয়ে দুটা সমষ্টিত আগবাঢ়ি আছে । ভোটগণনাৰ অন্তিম পৰ্যায়ত ফলাফল উন্নীত হব বুলি আশা কৰিছে দলৰ নেতাসকলে ।

চি পি আই(এম) আৰু কংগ্ৰেছৰ এক সূত্ৰই কয় যে, তেওঁলোকে গণনা সমাপ্ত হোৱালৈ অপেক্ষা কৰিব । ইফালে, টি আই পি আৰ এ ম'থাৰ সমৰ্থকসকলে ৰাজ্যখনৰ কেইবা ঠাইত আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ১,২০০টাৰো অধিক কেন্দ্ৰত ভোটগ্ৰহণ হৈছিল আৰু ৮ লাখতকৈও অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

ABOUT THE AUTHOR

...view details